ইজৰাইল-ইৰান উত্তেজনা, তেহৰানত আক্ৰমণ
ইজৰাইল আৰু ইৰানৰ মাজত উত্তেজনা হঠাতে চূড়ান্ত পৰ্যায়লৈ বৃদ্ধি পাইছে। ইজৰাইলে ইৰানৰ ভিতৰত এক বৃহৎ আক্রমণ চলাইছে। ৰাজধানী তেহৰানসহ ইৰানৰ কেইবাখনো চহৰত একাধিক বিস্ফোৰণৰ শব্দ শুনা গৈছে।
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে দেশজুৰি তাৎক্ষণিকভাৱে ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰিছে। ইজৰাইলে ইৰানৰ বিৰুদ্ধে প্ৰি-এম্পটিভ ষ্ট্ৰাইক আৰম্ভ কৰা বুলি নিশ্চিত কৰাৰ পিছতেই এই ঘোষণা কৰা হয়।
প্ৰাথমিক তথ্য অনুসাৰে, ইজৰাইলৰ বায়ুসেনাই ইৰানত কেইবাটাও লক্ষ্যস্থানত আক্ৰমণ চলাইছে।
আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসাৰে, তেহৰানত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে। ইৰানৰ টেলিভিছন চেনেলসমূহৰ সৈতে জড়িত সূত্ৰই এই ঘটনাৰ সত্যতা নিশ্চিত কৰিছে। প্ৰতিবেদনসমূহত উল্লেখ কৰা হৈছে যে ইজৰাইলে ডজনসংখ্যক সামৰিক ঘাটি আৰু কিছুমান স্পৰ্শকাতৰ স্থানক লক্ষ্য কৰি আক্রমণ চলাইছে।
ডিজিটেল ডেস্ক, ২৮ ফেব্ৰুৱাৰী