পিতৃৰ মৃত্যুৰ পিছতে ইৰানৰ নতুন সৰ্বোচ্চ নেতা মোজতাবা খামেইনি
ডিজিটেল ডেস্ক, ১ মাৰ্চ : ইজৰাইল আৰু আমেৰিকাৰে হোৱাৰ যুদ্ধৰ পৰিণতিত এয়াৰ ষ্ট্ৰাইকত মৃত্যু হয় ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনিৰ। ইয়াৰ পিছতে ইৰানৰ শাসনভাৰ আয়াতুল্লা আলী খামেইনিৰ দ্বিতীয় পুত্ৰৰ হাতলৈ। মোজতাবা খামেইনি হ’ব ইৰানৰ নতুন সৰ্বোচ্চ নেতা।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ২৮ ফেব্ৰুৱাৰীত তেহৰানত এয়াৰ ষ্ট্ৰাইকত আয়াতুল্লা আলী খামেইনিৰ কাৰ্যালয়ক লক্ষ্য কৰি লোৱা হৈছিল, য’ত ৮৬ বছৰীয়া খামেইনিৰ মৃত্যু হয়। এই ঘটনাৰ পিছতে ইৰানে ৪০ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে।
উল্লেখ্য যে মোজতাবা খামেইনিৰ জন্ম হৈছিল ১৯৬৯ চনত মাছহাদ চহৰত। তেওঁ ইৰান-ইৰাক যুদ্ধৰ অন্তিম পৰ্যায়ত ৰিভল্যুচনেৰী গাৰ্ডতো সেৱা আগবঢ়াইছিল । দীৰ্ঘদিন ধৰি তেওঁক পিতৃৰ ঘনিষ্ঠ বুলি গণ্য কৰা হৈছিল । বহু ডাঙৰ সিদ্ধান্তত তেওঁ আঁৰৰ পৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি কোৱা হয়। যদিও তেওঁ কেতিয়াও কোনো ডাঙৰ চৰকাৰী পদত অধিষ্ঠিত নাছিল, তথাপি সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক আছে বুলি কোৱা হয় ।
অৱশ্যে এতিয়া তেওঁক ইৰানৰ সৰ্বোচ্চ নেতাৰ পদত অধিষ্ঠিত কৰোৱাৰ আগমুহূৰ্তত দেশখনত বিতৰ্কৰ সূচনা হৈছে। ১৯৭৯ চনৰ বিপ্লৱৰ সময়ত বংশৰ ভিত্তিত ক্ষমতা হস্তান্তৰৰ বিৰোধিতা হৈছিল, সেয়ে তেওঁৰ নিৰ্বাচনক লৈ একাংশই এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। আগন্তুক দিনত মোজতাবা খামেইনিৰ নেতৃত্বই দেশখনক কেনে দিশে লৈ যায়, তাকে লৈ সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ থাকিব ।