মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়োৱা হৈছে অসম জননায়ক বঁটা-২০২৬। শিক্ষক প্ৰকাশন সংস্থা, অসমে মুখ্যমন্ত্রীগৰাকীক এই বটা প্ৰদান কৰিব। শিক্ষক প্ৰকাশন সংস্থাই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বাৰ্তাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক ”অসম জননায়ক বঁটা ২০২৬’ নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰিছে।
উল্লেখ্য যে ২০১২ চনৰে পৰা সংস্থাটোৱে শিক্ষক, লেখক, শিল্পী, সমাজসেৱক, কৃতী শিক্ষক, সাংবাদিকলৈ বিভিন্ন বঁটা আগবঢ়াই সন্মান প্ৰদান কৰি আহিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণৰ বাবে দক্ষতাৰে আগবঢ়োৱা সেৱাৰ ভিত্তিত এই বৰ্ষত তেওঁলৈ ”অসম জননায়ক বঁটা ২০২৬” প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষক প্ৰকাশন সংস্থা অসমে।
শিক্ষক প্ৰকাশন সংস্থা, অসমৰ যোৱা ৩ মাৰ্চত অনুষ্ঠিত সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰে। সভাই শিক্ষক প্ৰকাশন সংস্থা, অসমৰ অহা ২১ আৰু ২২ মাৰ্চত দুদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হবলগীয়া বটা প্ৰদান সভাত অসম ভিত্তিত বিভিন্ন ক্ষেত্রত জৰিত বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰাৰ উপৰি মুখ্যমন্ত্রীগৰাকীক বিশেষভাৱে অসম জননায়ক বটা-২০২৬ প্ৰদান কৰিব বুলি শিক্ষক প্ৰকাশন সংস্থা, অসমৰ মুখ্য সম্পাদক মৃদুল শইকীয়াই এক প্ৰেছ বাৰ্তাৰ দ্বাৰা জানিবলৈ দিছে।
বিশেষ বাৰ্তা, লখিমপুৰ, ৪ মাৰ্চ