নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পঞ্চম দিন : মধ্যপ্ৰাচ্যত যুদ্ধ তীব্ৰতৰ, ইৰান-ইজৰাইল সংঘাতত বিশ্বজুৰি উদ্বেগ

মধ্যপ্ৰাচ্যত ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতে অধিক তীব্ৰ ৰূপ লৈছে। দুয়োখন দেশে পৰস্পৰে সামৰিক ঘাটি আৰু কৌশলগত লক্ষ্যস্থানসমূহত বায়ু আক্ৰমণ আৰু মিছাইল নিক্ষেপ অব্যাহত ৰাখিছে।

ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (Israel Defense Forces) দাবী কৰিছে যে তেওঁলোকৰ বায়ুসেনাই ইৰানৰ কেইবাটাও মিছাইল লঞ্চাৰ আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰিছে। আনহাতে, ইৰানৰ Islamic Revolutionary Guard Corps-এ জনাইছে যে তেওঁলোকে প্ৰতিক্ৰিয়াস্বৰূপে উপসাগৰীয় অঞ্চলত অৱস্থিত আমেৰিকা আৰু মিত্ৰ বাহিনীৰ স্থাপনাসমূহ লক্ষ্য কৰি আক্ৰমণ চলাইছে।

উপসাগৰীয় কৌশলগত জলপথ Strait of Hormuzক লৈ উত্তেজনা অধিক বৃদ্ধি পাইছে। তেল টেংকাৰ চলাচলত বিঘিনি ঘটাৰ আশংকাত আন্তঃৰাষ্ট্ৰীয় বজাৰত খনিজ তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে।

ইফালে, সংঘাতৰ ফলত শ্ৰীলংকা উপকূল, ইৰাক আৰু লেবাননতো সুৰক্ষা সতৰ্কতা জাৰি কৰা হৈছে। ৰাষ্ট্ৰসংঘই দুয়োপক্ষক সংযম অৱলম্বন কৰিবলৈ আহ্বান জনাইছে আৰু আলোচনাৰ জৰিয়তে সমাধান বিচাৰিবলৈ পৰামৰ্শ দিছে।

বিশ্বজুৰি ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰতো এই সংঘাতৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকসকলে সতৰ্কবাণী দিছে যে যদি সংঘাত শীঘ্ৰে নিয়ন্ত্ৰণ নকৰা হয়, তেন্তে ই বৃহৎ যুদ্ধৰ ৰূপ ল’ব পাৰে।

ইফালে আজি শ্ৰীলংকাৰ উপকূলত এখন ইৰানী জাহাজত ছাবমেৰিন আক্ৰমণ সংঘটিত হোৱাৰ পিছত অন্ততঃ ১০১জন লোক নিখোজ হৈ পৰিছে আৰু ৭৮জন আহত হৈছে। শ্ৰীলংকা নৌসেনা আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰে বুধবাৰে এই তথ্য প্ৰকাশ কৰিছে। আক্ৰমণৰ পিছতে বৃহৎ পৰিসৰত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। আহতসকলক ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে আৰু নিখোজ লোকসকলৰ সন্ধানত অনুসন্ধান অব্যাহত আছে। ঘটনাটোৰ পিছতে অঞ্চলটোত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।

পাকিস্তান এৰিবলৈ আমেৰিকাৰ নাগৰিকক নিৰ্দেশ

পাকিস্তানৰ কৰাচী আৰু লাহোৰত অৱস্থিত আমেৰিকা দূতাৱাসত কৰ্মৰত অ-আৱশ্যক কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক দেশ এৰিবলৈ নিৰ্দেশ দিছে আমেৰিকাই। কৰাচীত অৱস্থিত আমেৰিকী কনছুলেটৰ বাহিৰত সংঘটিত হিংসাত্মক প্ৰতিবাদৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেওবাৰে সংঘটিত এই প্ৰতিবাদত ১০জন লোক নিহত হয় আৰু ৬০জন আহত হয়। কিছুমান প্ৰতিবাদকাৰীয়ে কনছুলেট চৌহদত প্ৰৱেশ কৰাৰ চেষ্টা কৰা বুলিও জানিবলৈ দিয়া হৈছে। দেশজুৰি প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত মুঠ ২৪জন লোকৰ মৃত্যু হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। পৰিস্থিতি উত্তপ্ত হৈ থকাৰ বাবে সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।

৬৫০ আমেৰিকান সৈনিক হতাহত

ইৰানৰ Islamic Revolutionary Guard Corps (আইআৰজিচি)য়ে দাবী কৰিছে যে তেওঁলোকৰ আক্ৰমণত প্ৰথম দুদিনৰ ভিতৰতে প্ৰায় ৬৫০জন আমেৰিকান সৈনিক নিহত বা আহত হৈছে।আইআৰজিচিৰ মুখপাত্ৰৰ মতে, ইৰানে বাহৰেইনত অৱস্থিত আমেৰিকান নৌসেনাৰ পঞ্চম মুখ্য কাৰ্যালয় আৰু আন সামৰিক ঘাটিসমূহ লক্ষ্য কৰি মিছাইল আৰু ড্ৰোনেৰে একাধিক আক্ৰমণ চলাইছে। এই পঞ্চম নৌবন্দৰটোক আমেৰিকাৰ Fifth Fleet বুলি জনা যায়। ইৰানে এইটোও দাবী কৰিছে যে তেওঁলোকৰ মিছাইল আক্ৰমণৰ ফলত এখন আমেৰিকান সামৰিক জাহাজ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। যদিও এই দাবী ইৰানে কৰিছে, তথাপি সত্যাসত্য এতিয়াও নিৰূপিত হোৱা নাই।

ইৰানৰ প্ৰায় ৩০০টা মিছাইল লঞ্চাৰ ধ্বংস

ইজৰাইল-ইৰান যুদ্ধ এতিয়া পঞ্চম দিনলৈকে অধিক তীব্ৰ হৈ উঠিছে। Israel Defense Forces (আইডিএফ)য়ে ডাঙৰ দাবী কৰি কৈছে যে যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা এতিয়ালৈকে তেওঁলোকৰ এয়াৰফোৰ্ছে ইৰানৰ প্ৰায় ৩০০টা মিছাইল লঞ্চাৰ ধ্বংস কৰিছে। এই লঞ্চাৰসমূহৰ ভিতৰত বেলিষ্টিক মিছাইল ব্যৱস্থা আৰু এয়াৰ ডিফেন্স ছিষ্টেমো অন্তৰ্ভুক্ত আছে। ইজৰাইলৰ মতে, আক্ৰমণসমূহৰ মুখ্য লক্ষ্য হৈছে ইৰানৰ মিছাইল ক্ষমতা আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক দুৰ্বল কৰা। আইডিএফে জনাইছে যে এই আক্ৰমণসমূহ অবিৰতভাৱে চলি আছে আৰু ইৰানৰ বেলিষ্টিক মিছাইল ভাণ্ডাৰ হ্ৰাস কৰিবলৈ দিন-ৰাতি অভিযান অব্যাহত আছে। কিছুমান প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ইজৰাইলে তেহৰানৰ কাষত অৱস্থিত এটা গোপন পৰমাণু স্থাপনাও ধ্বংস কৰিছে, য’ত ২০২৫ চনৰ জুন মাহৰ পিছত ইৰানে নিজৰ পৰমাণু কাৰ্যসূচী স্থানান্তৰ কৰিছিল বুলি কোৱা হৈছে। অৱশ্যে এই দাবীৰ স্বাধীন নিশ্চিতকৰণ এতিয়াও হোৱা নাই।

মোজতবা হুছেইনী খামেনেই ইৰানৰ পৰৱৰ্তী সৰ্বোচ্চ নেতা

ইজৰাইলী সংবাদ মাধ্যমৰ তথ্য অনুসৰি, আয়াতুল্লাহ খামেনেইৰ পুত্ৰ মোজতবা হুছেইনী খামেনেইক ইৰানৰ পৰৱৰ্তী সৰ্বোচ্চ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে বুলি দাবী কৰা হৈছে। খবৰসমূহ অনুসৰি, তেওঁক ইৰানৰ বিশেষজ্ঞ সভাই উত্তৰাধিকাৰী হিচাপে নিৰ্বাচন কৰিছিল। অৱশ্যে এই সন্দৰ্ভত ইৰান চৰকাৰৰ পৰা এতিয়ালৈ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

ডিজিটেল ডেস্ক, ৪ মাৰ্চ

You might also like