নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভগৱানৰ শৰণাপন্ন : ফাইনেলৰ দৃষ্টিৰে সিদ্ধিবিনায়ক মন্দিৰত ভাৰতীয় খেলুৱৈ

টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয় ছেমিফাইনেলত ৫ মাৰ্চ, বৃহস্পতিবাৰে ভাৰতীয় দলে কাইলৈ ইংলেণ্ডৰ মুখামুখি হ’ব। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই গুৰুত্বপূৰ্ণ খেলখনৰ পূৰ্বে অধিনায়ক সূৰ্যকুমাৰৰ নেতৃত্বত টীম ইণ্ডিয়াৰ কিছু খেলুৱৈ ভগৱানৰ শৰণ লৈছে।

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে অক্ষৰ পেটেল, ঈশান কিষাণ, অভিষেক শৰ্মা মুম্বাইস্থিত সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনা কৰিছে। মন্দিৰত উপস্থিত হৈ খেলুৱৈসকলে দেশৰ জয়ৰ বাবে প্ৰাৰ্থনা জনায়।

ইয়াৰ পূৰ্বে ছুপাৰ-৮ৰ অন্তিম খেলখনৰ আগতে কেইবাজনো ভাৰতীয় খেলুৱৈ কালীঘাট কালী মন্দিৰত উপস্থিত হৈ আশীৰ্বাদ বিচাৰিছিল।

উল্লেখ্য যে ছুপাৰ-৮ পৰ্যায়ৰ প্ৰথম খেলখনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭৬ ৰানত পৰাজিত হৈছিল টীম ইণ্ডিয়া। এই পৰাজয়ৰ পিছত ছেমিফাইনেল পোৱালৈ নানা আলোচনা আৰম্ভ হৈছিল। কিন্তু পাছৰ দুখন খেলত জয়লাভ কৰি ভাৰতীয় দলে ছেমিফাইনেলত স্থান নিশ্চিত কৰে।

জিম্বাবুয়েৰ বিৰুদ্ধে ৭২ ৰানত জয় লাভ কৰাৰ পিছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অন্তিম খেলখনত ৫ উইকেটত জয় সুনিশ্চিত কৰে। এই খেলখনত সঞ্জু ছেমছনে ৫০ বলত ১২টা চাৰি আৰু ৪টা ছিক্সাৰৰ সহায়ত ৯৭ ৰান সংগ্ৰহ কৰি জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

গ্ৰুপ পৰ্যায়ত টীম ইণ্ডিয়াই চাৰিওখন খেলতে জয়লাভ কৰে। আমেৰিকাৰ বিৰুদ্ধে ২৯ ৰান, নামিবিয়াৰ বিৰুদ্ধে ৯৩ ৰান, পাকিস্তানৰ ৬১ ৰান আৰু নেডাৰলেণ্ডছৰ বিৰুদ্ধে ১৭ ৰানত জয়লাভ কৰি ভাৰতীয় দলে ছুপাৰ-৮ত প্ৰৱেশ কৰিছিল।

এতিয়া সমগ্ৰ দেশৰ দৃষ্টি ৫ মাৰ্চৰ ছেমিফাইনেলত নিবদ্ধ হৈ আছে।

ডিজিটেল ডেস্ক, ৪ মাৰ্চ

You might also like