ডিজিটেল ডেস্ক, ৫ মাৰ্চ : ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিহাৰৰ ১০বাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল কৰে।
মনোনয়ন দাখিলৰ অন্তিম দিনটোত নীতিশ কুমাৰক সংগ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে এন ডি এৰ জ্যেষ্ঠ নেতাসকলে। তেওঁলোকৰ সৈতে উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সম্ৰাট চৌধুৰীও উপস্থিত থাকে । যোৱা বছৰৰ বিধানসভা নিৰ্বাচনত জয়ী হৈ দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নীতিশ কুমাৰে ৰাজ্যসভাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছিল ।
ৰাজ্যসভা নিৰ্বাচনৰ বাবে নীতিশ কুমাৰৰ মনোনয়ন দাখিলৰ পিছতে এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ এজন নেতা মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে । এনে হ’লে বিহাৰত প্ৰথমবাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰী হ’ব । উল্লেখ্য যে বিহাৰৰ পৰা ৰাজ্যসভাৰ পাঁচখন আসনৰ নিৰ্বাচন অহা ১৬ মাৰ্চত অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা আজি (৫ মাৰ্চ) কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত নীতিশ কুমাৰে মনোনয়ন দাখিল কৰে ।