কামৰূপৰ নগৰবেৰা আৰক্ষীয়ে যোৱানিশা ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই দুজনকৈ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ১১টাকৈ কফ ছিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হয় |
নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজ্যোতি দত্তৰ নেতৃত্বত নিশা আৰক্ষীৰ এটা দলে অভিযান চলাই নগৰবেৰাৰ জলজলী নদীৰ ঘাটৰ পৰা গোৱালপাৰাৰ শিমলীতোলাৰ ছফিউৰ ৰহমান আৰু আহেৰ আলী নামৰ দুজনক আটক কৰে | আৰক্ষীয়ে যুৱক দুজনৰ পৰা ১১টাকৈ নিষিদ্ধ কফ ছিৰাপৰ বটলৰ লগতে এ এছ-০১ বি আৰ-৯৫১৫ নম্বৰৰ এখন মটৰ চাইকেলো জব্দ কৰে।
জানিব পৰা মতে, ধৃত যুৱক দুজনে নগৰবেৰা থানাৰ অন্তৰ্গত টুপামাৰীৰ পৰা উক্ত নিষিদ্ধ কফ ছিৰাপৰ বটলসমূহ লৈ মটৰ চাইকেলেৰে শিমলীতোলালৈ গৈ আছিল। নগৰবেৰা আৰক্ষীয়ে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলোৱা এনে অভিযানক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ৷
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৫ মাৰ্চ :