নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ দেওবাৰৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন ভাৰতৰ সন্মুখত নিউজিলেণ্ড

ডিজিটেল ডেস্ক, ৬ মার্চ : ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াই চলিত টি–২০ বিশ্বকাপৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ এতিয়া দেওবাৰৰ হাইভল্টেজ ফাইনেল মেচখনত ডিফেণ্ডিং চেম্পিয়ন ভাৰতৰ সন্মুখত নিউজিলেণ্ড অৱতীৰ্ণ হ’ব।

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত হাইভল্টেজ দ্বিতীয়খন ছেমিফাইনেলত ঘৰুৱা দল ভাৰতে ইংলেণ্ডক ৭ ৰানত পৰাস্ত কৰে৷ শ্বাসৰুদ্ধকৰ মেচখনত ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ২৫৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি জেকব বেথেলৰ শতক সত্ত্বেও ইংৰাজ বাহিনীয়ে নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৪৬ ৰান সংগ্রহ কৰে৷ বেথেলৰ ৪৮টা বলৰ ইনিংছটোত আছিল ৮টা চাৰি আৰু ৭টা ছয়৷ বেথেলৰ উপৰি উইল জেকছে ৩৫, বাটলাৰে ২৫, আর্চাৰে অপৰাজিতভাৱে ১৯, কৰনে ১৮ আৰু বেণ্টনে ১৭ ৰান কৰে৷ ভাৰতৰ হৈ হার্দিকে সর্বাধিক দুটা উইকেট লয়৷ মেচখনত ছেমছনে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে৷

ইয়াৰ পূর্বে প্রথম বেটিং কৰি অ’পেনাৰ সঞ্জু ছেমছনৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত টীম ইণ্ডিয়াই নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৫৩ ৰান সংগ্রহ কৰে৷ সঞ্জু আৰু অভিষেক শর্মাই ইনিংছ মুকলি কৰিবলৈ আহি বিস্ফোৰক আৰম্ভণি কৰে যদিও দলীয় স্ক’ৰ ২০ ৰানত অভিষেকৰ ৰূপত ভাৰতে প্রথমটো উইকেট হেৰুৱায়৷ অভিষেকে মাত্র ৯ ৰানহে কৰে৷

ইফালে, ছুপাৰ ৮ৰ অন্তিমখন মেচৰ জয়ৰ নায়ক সঞ্জুৱে আজিও দুর্দান্ত ইনিংছ খেলি ঘৰুৱা দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ সঞ্জুৱে ৪২টা বলত ৮টা চাৰি আৰু ৭টা ছয়েৰে ৮৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলে৷ আউট হোৱাৰ পূর্বে অ’পেনাৰগৰাকীয়ে ঈশান কিশানৰ সৈতে দ্বিতীয় উইকেটত ৯৭, শিৱম ডুবেৰ সৈতে তৃতীয় উইকেটত ৪৩ ৰান সংগ্রহ কৰে৷ ঈশানে ১৮টা বলত ৩৯ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে ডুবেই ২৫টা বলত ৪৩ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷

ইফালে, অধিনায়ক সূর্যকুমাৰ যাদৱে ১১ ৰান কৰি বিদায় লয় যদিও হার্দিক পাণ্ডিয়াই ১২টা বলত ২৭ আৰু তিলক বর্মাই ৭টা বলত ২১ ৰান কৰি দলটোক চালকৰ আসনত উপৱিষ্ট কৰায়৷ ইংলেণ্ডৰ হৈ উইল জেকছ আৰু আদিল ৰছিদ উভয়ে সর্বাধিক দুটাকৈ উইকেট লয়৷

You might also like