নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাদুলীপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত সংকটজনক এজন

ডিজিটেল ডেস্ক, ৬ মাৰ্চ : বাদুলীপাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নৈশবাছে মহটিয়াই নিয়ে স্কুটী আৰোহীক। গুৱাহাটীৰ দিশৰ পৰা শিৱসাগৰ দিশে আহি থকা ORTIVE নামৰ নৈশ বাছখনে খুন্দিয়ায় স্কুটী আৰোহীজনক। বাছখনৰ নম্বৰ AS-25 EC-5126।

আহত স্কুটী আৰোহীজন বাদুলীপাৰৰ তিলক গগৈ বুলি জানিব পৰা গৈছে। অতি সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় বাদুলীপাৰৰ তিলক গগৈক। বাছখনে হঠাতে গতি কৰে ওলোটা দিশত, যাৰ বাবে নিজ দিশেৰে আহি থকা স্কুটী আৰোহীজনক খুন্দিয়ায় বাছখনে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় বাদুলীপাৰত। বাছচালকৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।

You might also like