বিশ্বকাপৰ সময়ত হোটেলৰ মহিলা কর্মচাৰীক অসৎ আচৰণ পাক ক্রিকেটাৰৰ
ডিজিটেল ডেস্ক, ৬ মার্চ : হোটেলৰ কোঠাত হোটেলৰ মহিলা কর্মীৰ সৈতে অশ্লীল আচৰণ৷ এগৰাকী পাকিস্তানী ক্রিকেটাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ৷ সূত্র অনুসৰি, শ্রীলংকাত টি–২০ বিশ্বকাপ চলি থকাৰ সময়ত পাকিস্তানী ক্রিকেটাৰগৰাকীয়ে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰিছিল৷ অৱশ্যে ক্রিকেটাৰগৰাকীৰ নাম ৰাজহুৱা কৰা নাই৷
জানিব পৰা মতে, বিশ্বকাপত পাকিস্তানী দলটোৰ মেনেজাৰ নৱীদ ছিমাই ক্রিকেটাৰগৰাকীৰ হৈ ক্ষমা বিচাৰিছিল৷ তাৰ পিছত পাক ক্রিকেটাৰগৰাকীয়ে জৰিমনা ভৰিব লগা হয়৷ চলিত বিশ্বকাপৰ ছুপাৰ ৮ৰ অন্তিমখন মেচত পাকিস্তানৰ প্রতিদ্বন্দ্বী আছিল শ্রীলংকা৷ উক্ত মেচৰ আগতে এজন পাকিস্তানী ক্রিকেটাৰে হোটেলত থকা মহিলা কর্মচাৰীক বেয়া আচৰণ কৰিছিল৷
এক সংবাদ মাধ্যমে প্রকাশ কৰা মতে, শ্রীলংকাৰ বিৰুদ্ধে ছুপাৰ ৮ৰ খেলৰখনৰ পূর্বে পাকিস্তানৰ বিশ্বকাপ দলত থকা এজন ক্রিকেটাৰে হোটেলখনৰ মহিলা হাউছকীপিং ষ্টাফৰ সৈতে অসৎ আচৰণ কৰিছিল৷ পাক ক্রিকেটাৰগৰাকীৰ এনে কার্যত মহিলা কর্মচাৰীগৰাকীয়ে চিঞৰি সহায় বিচাৰিছিল৷ তেওঁৰ চিঞৰ শুনি হোটেলৰ বাকী কর্মচাৰীসকল আগবাঢ়ি আহিল৷ তেওঁলোকে হোটেলত মহিলা কর্মচাৰীগৰাকীক উদ্ধাৰ কৰে আৰু সমগ্র বিষয়টো পাকিস্তান ক্রিকেট ব’ৰ্ডক অৱগত কৰে৷
পৰৱর্তী সময়ত পাকিস্তান দলটোৰ মেনেজাৰগৰাকীয়ে গ’ল্ডেন ক্রাউন হোটেলৰ উচ্চ কর্তৃপক্ষৰ ওচৰত ক্ষমা বিচাৰে৷ পৰৱর্তী সময়ত পাক ক্রিকেটাৰগৰাকীক জৰিমনা বিহা হয়৷ সংশ্লিষ্ট ক্রিকেটাৰগৰাকীয়ে পিচিবিৰ অনুশাসন সমিতিৰ সন্মুখীন হ’ব লাগিব৷ পাকিস্তান ক্রিকেটত এনে অভিযোগ নতুন নহয়৷ ইংলেণ্ডত পাকিস্তান শ্বাহিনছৰ হৈ খেলি থকাৰ সময়তো ধর্ষণৰ অভিযোগত মানচেষ্টাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল হাইদৰ আলীক।