নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘শেষ বিন্দু তেজ থকালৈকে যুঁজ দিম’, আমেৰিকাৰ ওচৰত শিৰনত নকৰাৰ হুংকাৰ ইৰানৰ

ডিজিটেল ডেস্ক, ৭ মার্চ : ‘নিৰস্ত্র’ ইৰানী যুদ্ধ জাহাজৰ ওপৰত মার্কিন আক্রমণক তীব্র নিন্দা কৰে ইৰানে৷ দেশখনে দাবী কৰে যে আন্তঃৰাষ্ট্রীয় আইন উলংঘা কৰি এই আক্রমণ চলোৱা হৈছে৷ ইৰানৰ উপ–বিদেশমন্ত্রী ছয়িদ খাটিবজাদেহে মন্তব্য কৰে যে আক্রমণকাৰীৰ বিৰুদ্ধে শেষ বিন্দু তেজ থকালৈকে যুঁজ দিব ইৰানে৷

বুধবাৰে ভাৰত মহাসাগৰত টর্পেডো নিক্ষেপ কৰি মার্কিন ছাবমেৰিনে ইৰানৰ যুদ্ধ জাহাজ ধ্বংস কৰা সন্দর্ভত তেওঁ কয়- ‘ভাৰতৰ আমন্ত্রণত বহুপাক্ষিক নৌ অনুশীলনত অংশগ্রহণ কৰিছিল ইৰানী যুদ্ধ জাহাজ ডেনাই৷ এই অনুশীলনৰ পৰা ওভতাৰ পথত শ্রীলংকাৰ উপকূলত তাৰ ওপৰত আক্রমণ চলোৱা হয়৷ এই আক্রমণত অনেক নাৱিকৰ মৃত্যু ঘটিছে৷ তাৰ দায়িত্ব আমেৰিকাই এৰাই চলিব নোৱাৰে বুলি তেওঁ দাবী কৰে৷

আমেৰিকাই ইজৰাইলৰ আক্রমণৰ প্রতিৰোধ গঢ়ি তোলাই এতিয়া ইৰানৰ ওচৰত মুখ্য অগ্রাধিকাৰ৷ তেওঁৰ ভাষাত– ‘আমাৰ ওচৰত থকা শেষৰটো বুলেটেৰেও প্রতিৰোধ কৰা হ’ব৷ ইয়াৰ বাহিৰে আমাৰ কোনো বিকল্প নাই৷ আক্রমণকাৰীক ৰোধ কৰিবই লাগিব৷’

উল্লেখ্য যে খাটিবজাদেহ বর্তমান আছে নতুন দিল্লীত৷ ৰাইচিনা সন্মিলনত বত্তৃণতা প্রদান কৰাৰ সময়ত তেওঁ পশ্চিম এছিয়াৰ সাম্প্রতিক অস্থিৰতাক লৈ এটাৰ পিছত এটা প্রশ্ণৰ উত্তৰ প্রদান কৰে৷ তেওঁ কয়- ‘আমেৰিকাই যি কাণ্ড সংঘটিত কৰিলে তাৰ বাবে তেওঁলোকে পস্তাব লাগিব৷’

You might also like