শনিবাৰে নিশা ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াৰ সমীপৱৰ্তী পশ্চিমবংগৰ বক্সিৰহাটত এখন ট্ৰাকৰ পৰা আৰক্ষীয় ১৬টাকৈ গো-ধন উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, বক্সিৰহাটৰ সূৰ্য সেন মোৰত অসম অভিমুখী এএছ-০১টিচি-৬২৩০ নম্বৰৰ ট্ৰাক এখনত বক্সিৰহাট আৰক্ষীৰ এটা দলে তালাচী চলাই বস্তাৰ তলত লুকাই অনা ১৬টাকৈ গৰু উদ্ধাৰ কৰে। ট্ৰাকখনৰ চালকজনক কৰায়ত্ত কৰি বক্সিৰহাট থানাত সোধা-পোছা চলাই থকা বুলি প্ৰকাশ।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৭ মাৰ্চ