নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত হস্তনির্মিত বন্দুকসহ চাৰি দুর্বৃত্তক আটক

চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী চিংলপথাৰ টঙীয়া গাঁৱত শুকুৰবাৰে চাৰিটা হস্তনির্মিত বন্দুকসহ চাৰিটা দুর্বৃত্তক আটক কৰা হয়। আটকাধীন দুর্বৃত্তকেইটা হৈছে টঙীয়া গাঁৱৰ চিনা তাঁতী, অজয় তাঁতী, চুক্ষৰা মুণ্ডা আৰু হৰেশ তাঁতী।

চৰাইদেউ CRPF NEZ QRT 2 বাহিনীয়ে আৰক্ষীৰ সহযোগত এক অভিযান চলাই আটক কৰে দুর্বৃত্তকেইটাক। আটকাধীন দুর্বৃত্তকেইটাৰ পৰা চাৰিটা হস্তনির্মিত বন্দুকসহ বন্যপ্ৰাণীৰ দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দীর্ঘদিন অভয়পুৰ সংৰক্ষিত বনাঞ্চলত দুর্বৃত্তকেইটাই বন্যপ্রাণী নিধন কৰি সন্ত্রাস সৃষ্টি কৰাৰ অভিযোগ আছিল। ধৃত দুর্বৃত্তকেইটাক সোণাৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।

বিশেষ বাৰ্তা, সোণাৰি, ৭ মার্চ :
You might also like