বিশ্বজুৰি পুনৰ বৃদ্ধি পাইছে এইচ–৩ এন–২ ইনফ্লুৱেঞ্জাৰ সংক্রমণ
নিউজ ডেস্ক, ৭ মার্চ : বিশ্বজুৰি পুনৰ বৃদ্ধি পাইছে এইচ–৩ এন–২ ইনফ্লুৱেঞ্জাৰ সংক্রমণ৷ এই ইনফ্লুৱেঞ্জাত সাধাৰণ ফ্লুৰ তুলনাত বহু বেছি অশান্তি ভোগ কৰিবলগীয়া হয়৷ এনে পৰিস্থিতিত ফ্লুৰ টিকাৰ নতুন সংস্কৰণত এইচ–৩ এন–২ক লক্ষ্য কৰি নির্দিষ্ট ষ্ট্রেইন অন্তর্ভুক্ত কৰাৰ পৰামর্শ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাই৷
বিশেষজ্ঞসকলৰ মতে, দ্রুত পৰিৱর্তনশীল এই ভাইৰাছৰ বিৰুদ্ধে সুৰক্ষা পাবলৈ সময় মতে টিকাকৰণ কৰাটো অত্যন্ত গুৰুত্বপূর্ণ৷ সঠিক সময়ত টিকাকৰণ কৰিলে গুৰুতৰ অসুস্থতাত ভোগাৰ পৰা যথেষ্ট সকাহ পাব পাৰে৷
বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে, নতুন ইনফ্লুৱেঞ্জা টিকাত দুটা ইনফ্লুৱেঞ্জা ‘এ’ ভাইৰাছ (এইচ–১ এন–১ (শ্বোৱাইন ফ্লু) আৰু এইচ–৩ এন–২) আৰু ইনফ্লুৱেঞ্জা ‘বি’ ষ্ট্রেইনৰ বিৰুদ্ধে সুৰক্ষাৰ পৰিকল্পনা থকা উচিত৷ কাৰণ ইনফ্লুৱেঞ্জা ভাইৰাছে দ্রুত জেনেটিক পৰিৱর্তনৰ মাজেৰে যায়৷ ফলত আগৰ সংক্রমণ বা টিকাৰ জৰিয়তে সৃষ্টি কৰা প্রতিৰোধ ক্ষমতা সময়ৰ লগে লগে কমিব পাৰে৷ ভাৰততো সম্প্রতি এই সংক্রমণ বৃদ্ধিৰ প্রৱণতা দেখিবলৈ পোৱা গৈছে৷ সাধাৰণতে এই ভাইৰাছক ‘ছুপাৰ ফ্লু’ বুলিও কোৱা হয়৷
চিকিৎসকসকলৰ মতে, এইচ–৩ এন–২ ইনফ্লুৱেঞ্জা ‘এ’ ভাইৰাছৰ এটা ধৰণ, যি কেতিয়াবা কেতিয়াবা অন্য ফ্লু ষ্ট্রেইনৰ তুলনাত বেছি গুৰুতৰ অসুস্থতাৰ কাৰণ হ’ব পাৰে৷ এইচ–৩ এন–২ প্রথমে চিনাক্ত হয় ১৯৬৮ চনত আৰু সেই বছৰতেই আৰম্ভ হোৱা ‘হংকং ফ্লু’ মহামাৰীৰ বাবেও এই ভাইৰাছেই দায়ী আছিল৷ সেইবাৰ সমগ্র বিশ্বত আনুমানিক ১০ৰ পৰা ৪০ লাখ লোক মৃত্যুমুখত পৰিছিল৷
এই সংক্রমণত সাধাৰণতে জ্বৰ, দীর্ঘদিনীয়া কাহ, সমগ্র শৰীৰত বিষ আৰু দুর্বলতাৰ দৰে উপসর্গই দেখা দিয়ে৷ বিশ্ব স্বাস্থ্য সংস্থাই গর্ভৱতী মহিলা, ছমাহৰ পৰা পাঁচ বছৰ বয়সীয়া শিশু, ৬৫ বছৰৰ ঊর্ধ্বৰ ব্যক্তি, কোমর্বিডিটী আৰু ক্র’নিক ডিজিজ থকা ব্যক্তি তথা স্বাস্থ্যকর্মীসকলক প্রতিবছৰে ফ্লুৰ টিকা লোৱাৰ পৰামর্শ দিছে৷