নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্টম দিনা মুখ্যমন্ত্ৰীৰ ‘জন আশীৰ্বাদ যাত্ৰা’ত মাৰ্ঘেৰিটাত জনসমুদ্ৰ

উজনি অসমৰ কয়লা নগৰী হিচাপে পৰিচিত মাৰ্ঘেৰিটা মহকুমাৰ লিডুত আজি দেখিবলৈ পোৱা গ’ল এক অভূতপূৰ্ব জনসমুদ্ৰ। ৰাজ্যিক বিজেপিৰ উদ্যোগত চলি থকা ‘জন আশীৰ্বাদ যাত্ৰা’ৰ অষ্টমটো দিনা আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লিডুৰ পৰা মাৰ্ঘেৰিটালৈ এক বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰি উলিওৱা এই যাত্ৰাই আজি সমগ্ৰ তিনিচুকীয়া জিলাতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
হেলিকপ্টাৰেৰে আগমন আৰু বিশাল জনসভা
আজি পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰি পুৱা প্ৰায় ১০ঃ৩০ বজাত লিডুৰ বজাৰ হাইস্কুল খেলপথাৰত হেলিকপ্টাৰযোগে অৱতৰণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ সৈতে বিজেপিৰ ৰাজ্যিক সভাপতিৰ লগতে কেইবাজনো শীৰ্ষ নেতৃত্ব উপস্থিত থাকে। খেলপথাৰত উপস্থিত হোৱাৰ লগে লগে হাজাৰ হাজাৰ সমৰ্থকে ‘জয় আই অসম’ আৰু ‘ভাৰত মাতা কী জয়’ ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে। তাৰ পিছতেই এখন বিশাল জনসভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে দুখীয়া তথা সাধাৰণ জনতাৰ উন্নয়নৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে, তাৰ বাবে ৰাইজৰ আশীৰ্বাদেই হ’ল আটাইতকৈ ডাঙৰ শক্তি।
নামঘৰত আশীৰ্বাদ গ্ৰহণ আৰু যাত্ৰাৰ আৰম্ভণি
ৰাজনৈতিক কাৰ্যসূচীৰ মাজতে আধ্যাত্মিক পৰম্পৰা ৰক্ষা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিডু কেন্দ্ৰীয় নামঘৰত উপস্থিত হৈ সেৱা লয়। নামঘৰৰ ভকত-বৈষ্ণৱসকলে পৰম্পৰাগত ধৰ্মীয় ৰীতিৰে মুখ্যমন্ত্ৰীক আশীৰ্বাদ প্ৰদান কৰে। নামঘৰৰ পৰা ওলাই অহাৰ পিছতেই তেওঁ আনুষ্ঠানিকভাৱে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এই বিশাল ‘জন আশীৰ্বাদ যাত্ৰা’ৰ শুভাৰম্ভ কৰে। ইয়াৰ মাজতে মাৰ্ঘেৰিটা হিলভিউ ইক পাৰ্কস্থিত চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিত সেৱা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে মাৰ্ঘেৰিটা বিজেপি কাৰ্য্যলায়ৰ সন্মুখত বৌদ্ধভিক্ষুসকলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ প্ৰদান কৰে। মাৰ্ঘেৰিটা আৰু ডিগবৈ সীমা পাৱৈৰ পৰা ডিগবৈৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে।
৩১৫ নং ঘাইপথত জনতাৰ লানি নিছিগা সোঁত
মাৰ্ঘেৰিটাৰ লিডুৰ পৰা মাকুম অভিমুখে যোৱা প্ৰায় ৩০ কিলোমিটাৰজোৰা এই পথছোৱাত আজি দেখিবলৈ পোৱা গ’ল এক বিৰল দৃশ্য। পথৰ দুইকাষে হাজাৰ হাজাৰ লোকে পুৱাৰে পৰা ৰৈ আছিল মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাবলৈ। বিশেষকৈ মহিলা আৰু যুৱক-যুৱতীসকলৰ উছাহ আছিল চকুত পৰা বিধৰ। বহু ঠাইত বিভিন্ন জনগোষ্ঠীয় কলা-সংস্কৃতি, বিহু আৰু ঝুমুৰ নৃত্যৰে মুখ্যমন্ত্ৰীক আদৰণি জনোৱা হয়। লোকসকলৰ উছাহ দেখি মুখ্যমন্ত্ৰীগৰাকীয়েও গাড়ীৰ পৰা নামি আহি সাধাৰণ জনতাৰ সৈতে কৰমৰ্দন কৰাৰ লগতে কেইবাখনো পথসভাত ভাষণ প্ৰদান কৰে।
উন্নয়নৰ শ্ল’গান আৰু ৰাজনৈতিক গুৰুত্ব
এই যাত্ৰাৰ জৰিয়তে চৰকাৰে আগন্তুক দিনবোৰত ৰূপায়ণ কৰিবলগীয়া বিভিন্ন আঁচনিৰ বিষয়েও ৰাইজক অৱগত কৰা হয়। পথসভাসমূহত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমৰ প্ৰতিটো প্ৰান্তৰ উন্নয়নেই তেওঁৰ লক্ষ্য আৰু লিডু-মাৰ্ঘেৰিটা অঞ্চলৰ চাহ জনজাতি তথা খিলঞ্জীয়া লোকসকলৰ সমস্যা সমাধানৰ বাবে চৰকাৰ সদায় দায়বদ্ধ। এই যাত্ৰাত বিজেপিৰ জিলা নেতৃত্বৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা আৰু বিশালসংখ্যক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰি শক্তি প্ৰদৰ্শন কৰে। ৰাইজৰ এই বিপুল সঁহাৰিয়ে শাসকীয় দলটোক আগন্তুক দিনবোৰৰ বাবে এক নতুন উৎসাহ যোগাব বুলিও চৰ্চা চলিছে।
You might also like