নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালা ৰে’ল ষ্টেচনত ব্ৰহ্মপুত্ৰ মেইলৰ নতুন ষ্ট’পেজ

বজালী জিলাৰ বাবে এক আনন্দদায়ক খবৰ। শনিবাৰে সন্ধিয়াৰ পৰা পাঠশালা ৰে’ল ষ্টেচনত গুৱাহাটী–দিল্লী অভিমুখী ব্ৰহ্মপুত্ৰ মেইল ট্ৰেইনখনৰ নতুনকৈ ষ্ট’পেজ আৰম্ভ হৈছে৷ শনিবাৰে সন্ধিয়া ট্ৰেইনখন পাঠশালা ষ্টেচনত প্ৰায় ২ মিনিট সময়ৰ বাবে ৰয়৷ এই উপলক্ষে আয়োজিত এক কাৰ্যসূচীত উপস্থিত থাকি অসম চৰকাৰৰ জেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰে’লখনক সেউজ সংকেত প্ৰদান কৰে আৰু ট্ৰেইনৰ পাইলটক গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে ৰে’ল কৰ্মচাৰীৰ সৈতে মিঠাই বিতৰণ কৰে৷

স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই ৰেল বিভাগে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে কেন্দ্ৰীয় ৰেলমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পাঠশালা ৰে’ল ষ্টেচনত ব্ৰহ্মপুত্ৰ মেইলৰ ষ্ট’পেজ আৰম্ভ হোৱাটো বজালী জিলাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও মত প্ৰকাশ কৰে। এই ব্যৱস্থাৰ ফলত অঞ্চলটোৰ যাতায়াত ব্যৱস্থা অধিক সুবিধাজনক হোৱাৰ লগতে সাধাৰণ ৰাইজ বহু উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে৷ অনুষ্ঠানত পাঠশালা বজাৰ সমিতিৰ সভাপতি গিৰীশ পাটগিৰি, অসম ৰে’লযাত্ৰী সন্থাৰ সম্পাদক দীপংকৰ শৰ্মাৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে৷ ৰাইজে এই নতুন ষ্ট’পেজক স্বাগতম জনাই অসমৰ চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ ৰেল বিভাগক ধন্যবাদ জনাই ভৱিষ্যতে আৰু অধিক ৰে’লসেৱা লাভ কৰাৰ আশা ব্যক্ত কৰে।

নিয়মীয়া বাৰ্তা, পাঠশালা, ৮ মাৰ্চ :

You might also like