ধুবুৰীৰ একাংশ ক্লাবত দীৰ্ঘদিনৰ পৰাই তাচপাতৰ জুৱা চলি থকাৰ বিষয়টোক লৈ অৱশেষত যেন গা লৰিল ধুবুৰী আৰক্ষীৰ। তাকেই প্ৰতিপন্ন কৰি যোৱানিশা অকস্মাতে চহৰখনৰ ২নং ৱাৰ্ডৰ এটা ঘন জনবসতিপূৰ্ণ অঞ্চলত থকা এটা আগশাৰীৰ ক্লাবত অভিযান চলায় ধুবুৰী আৰক্ষীৰ এটি দলে।
অৱশ্যে, ক্ৰিকেটক লৈ জুৱা চলাৰ সন্দেহত ক্লাবটোত অভিযান চলোৱা বুলি জনায় অভিযানকাৰী দলটোৰ নেতৃত্ব দিয়া আৰক্ষী বিষয়াগৰাকীয়ে। লগতে ক্লাবটোত উপস্থিত থকা প্ৰায় ১৬গৰাকী ব্যক্তিৰ মোবাইল পৰীক্ষা কৰি থকা বুলিও সদৰী কৰে তেওঁ।
সাংবাদিকৰ প্ৰশ্নত বিষয়াগৰাকীয়ে তাচপাত আৰু সুৰাৰ বটল ক্লাবটোত দেখা বুলিও উল্লেখ কৰে। ইপিনে, প্ৰায় ৪/৫ ঘন্টা ধৰি চলা অভিযানৰ অন্তত কালি প্ৰায় মাজনিশা ক্লাবটোৰ পৰা ৫গৰাকী লোকক ধুবুৰী সদৰ থানালৈ নিয়া হয় আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে। অৱশ্যে আজি পুৱা নোটিচ প্ৰদান কৰি ৫গৰাকীকে মুকলি কৰি দিয়া বুলি প্ৰকাশ। উল্লেখনীয় যে যোৱানিশা চলা আৰক্ষীৰ সেই অভিযানৰ সময়ত ক্লাবটোত এখন চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষও উপস্থিত থকা বুলি চৰ্চা হৈছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৯ মাৰ্চ :