নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : ব্যস্ততাৰ অত্যাচাৰ

🔹 ড০ পার্থসাৰথি মহন্ত

এটা সময় আছিল যেতিয়া ব্যস্ত হোৱাৰ অর্থ আছিল কাম থকা৷
আজি ব্যস্ত হোৱাৰ অর্থ হ’ল মূল্য থকা, গুৰুত্ব থকা৷
ব্যস্ততা এতিয়া কেৱল সময়সূচীৰ বর্ণনা হৈ থকা নাই৷ ব্যস্ততা এতিয়া গুৰুত্বৰ পৰিমাপ৷ ‘কেনে আছে’ বুলি সুধিলে আজিকালি মানুহে ‘ভালেই আছোঁ’ বা ‘চলি আছে’ বুলি নকয়৷ কয়– ‘ভীষণ ব্যস্ত’, প্রায়ে অতি গৌৰৱেৰে কয়৷
ব্যস্ত হৈ থকা মানে– আপোনাৰ প্রয়োজন আছে, আপুনি প্রাসংগিক, আপুনি সফল৷ ‘সময় আছে’ বুলি কোৱাটো যেন বিফলতাৰ স্বীকাৰোক্তি৷ যেন সময় নিজেই এক বিফলতা৷
ব্যস্ততা এতিয়া এটা পৰিস্থিতি, অৱস্থা বা দশা হৈ থকা নাই৷ ব্যস্ততা এতিয়া পৰিচয়, মানুহে এতিয়া বহুত কাম কৰিলেই নহ’ব, ব্যস্ত হ’ব লাগিব৷ তেওঁলোকৰ দিনটো কামেৰে ভৰি থাকে, কেলেণ্ডাৰত খালী দিন নাথাকে, ফোন কেতিয়াও নিস্তব্ধ নহয়, মনত অহৰহ পৰিকল্পনা চলি থাকে৷
এই অহৰহ গতিৰ ভিতৰত পিছে এটা বস্তু নোহোৱা হৈ যায়– নিজৰ বাবে কিছু সময়, নিজৰ বাবে অলপ ঠাই৷
ব্যস্ততাই আমাক শক্তিৰ অনুভূতি দিয়ে৷ আমি শক্তিশালী অনুভৱ কৰোঁ৷ জীৱনত উন্নতি কৰিলোঁ বুলি এক ভ্রমৰ সৃষ্টি কৰে৷ প্রতিটো ঘণ্টা, প্রতিটো মিনিটৰ খতিয়ান ল’ব লগা হ’লে আমাৰ কি হেৰুৱাইছোঁ সেয়া সুধিবৰো সময় নোহোৱা হয়, আমি যে নিজকেই হেৰুৱাই পেলাইছোঁ অনুভৱ কৰিবলৈ সময় নোহোৱা হয়৷
ব্যস্ততাই হাই–হুলস্থূল কৰি অত্যাচাৰ নকৰে৷ বলপূর্বক আদেশ নিদিয়ে৷ মূৰৰ ভিতৰত কিবা এটাই কুটকুটাই থাকে– ‘ৰৈ দিলেই পিছপৰি যাবা’৷ গতিকে আমি গতি অব্যাহত ৰাখো৷ প্রয়োজনীয় কাৰণে নহয়৷ প্রতিযোগিতাত পিছপৰি যোৱাৰ ভয়ত৷
অর্থপূর্ণ কাম আৰু অহৰহ কাম কৰাৰ মাজত পার্থক্য আছে৷ অর্থপূর্ণ কামে মনটোক সন্তুষ্টি দিয়ে, পুষ্টি দিয়ে৷ অহৰহ কামে মনটোক ভাগৰুৱা কৰে৷ গোটেই দিনটো কাম কৰিও এজন মানুহে ৰাতি এক শূন্যতা অনুভৱ কৰিব পাৰে৷ দিনটো কাম কৰিও অর্থপূর্ণ একো নকৰাৰ কাৰণেই এই শূন্যতা৷
ব্যস্ততাই সামাজিক গুৰুত্বও বঢ়ায়৷ ‘ভাগৰ লাগিছে আৰু’, ‘আমনি লাগি গৈছেগৈ’ বুলি ক’লে সকলোৱে সহানুভূতি দেখুৱায়৷ ‘জিৰণি লৈছোঁ’ বুলি ক’লে কিন্তু বৰ এটা ইতিবাচকভাৱে নাচায়৷ ‘এখেতে কিনো ইমান কৰিলে যে জিৰণি ল’বলগীয়া হ’ল’ এনেকুৱা এটা মনোভাব৷ জিৰণি লোৱাটো ন্যায্য হ’ব লাগিব৷ ক্লান্তিক কিন্তু সন্মান কৰা হয়৷ ভাগৰ লগাটো বৈধ, ভাগৰ মৰাটো নহয়৷ আমি ব্যস্ত হৈ থাকিবলৈ বাধ্য৷
ব্যস্ততাই সম্পর্কক প্রভাৱিত কৰে৷ কথা–বতৰা চুটি হৈ পৰে৷ ভালদৰে নুশুনাকৈয়ে উত্তৰ দিয়া হয়৷ লগ–বন্ধুৰ লগত সময় কটোৱাও কমি যায়৷ শোৱাৰ সময়তো ফোন–মেছেজ, বন্ধৰ দিনতো কাম৷ মনোযোগ নাপাই সম্পর্ক–সংযোগ ক্রমাৎ দুর্বল হৈ পৰে৷
ডাঙৰৰ এই ব্যস্ততা দেখি দেখি ল’ৰা–ছোৱালী ডাঙৰ হয়৷ স্থিৰে থকাটো অস্বাভাৱিক–এই ধৰণৰ এটা ধাৰণা তেওঁলোকৰ মনত গঢ় লৈ উঠে৷ তেওঁলোকো ব্যস্ত হৈ পৰে ক্লাছ, টিউচন প্রস্তুতিত৷ খালী সময়খিনি যেন অপচয়৷
অনবৰতে ব্যস্ত হৈ থাকিলে ব্যস্ততাই পৰিচয় হৈ পৰে৷ কাম কমিলে গুৰুত্বৰ লগতে আত্মমূল্য কমি যোৱা যেন অনুভৱ হ’বলৈ লয়৷ অৱসৰ লোৱাৰ পাছত এই বিভ্রান্তি তুংগত৷ অসুখৰ বাবে জিৰণি ল’বলগীয়া হ’লেও মানুহ উদ্বিগ্ণ হৈ পৰে৷ কাৰণ গতিৰ ওপৰতে ব্যক্তিত্বই গঢ় লয়৷ গতি অবিহনে সকলো শূন্য হৈ পৰে৷ সমস্যাটো জিৰণি বা অৱসৰ নহয়৷ সমস্যাটো হ’ল প্রদর্শন নকৰাকৈ আমাৰ অস্তিত্বক লৈ আমি নিজেই সন্দিহান হোৱা৷
ব্যস্ততাই সময়ৰ ধাৰণাও সলনি কৰি দিয়ে৷ দিনটো পলকতে পাৰ হৈ যায়৷ দেওবাৰ আহিলেহে মনত পৰে সপ্তাহটো পাৰ হৈ গ’ল৷ লক্ষ্য নকৰাকৈয়ে মানুহ পাৰ হৈ যায়৷ জীৱনটো দ্রুত যেন অনুভৱ হয়–সময় দ্রুত বাবে নহয়, মনোসংযোগ নথকা বাবেহে৷ এই অবিৰাম ব্যস্ততাৰ মাজত সেয়েহে লুকাই থাকে এক নীৰৱ বিষাদ–সময়খিনি ভালদৰে নোপোৱাৰ বিষাদ৷
ব্যস্ততাৰ অত্যাচাৰত এতিয়া সলনি হৈ গৈছে সফলতাৰ সংজ্ঞা৷ সফলতা এতিয়া আৰু সন্তুষ্টিৰ দ্বাৰা জুখিব নোৱাৰি৷ সফলতা এতিয়া সময়সূচীৰে জোখা হয়৷ কেলেণ্ডাৰখন কামেৰে ভৰি থকা মানে বেছি সফল৷ যিমান ব্যস্ত, সিমান যেন অধিক নিপুণ৷
ব্যস্ততাই প্রযুক্তিকে বিদ্রূপ কৰে৷ প্রযুক্তিয়ে মানুহৰ জীৱনটো সহজ আৰু আৰামদায়ক কৰি তোলে৷ ফোন, ম’বাইল ফোন এইবোৰ যোগাযোগ দ্রুত কৰি তুলিবলৈয়ে উদ্ভাৱন হৈছিল৷ কিন্তু এতিয়া সেই দ্রুত যোগাযোগৰ মাধ্যমেৰেই অফিচৰ কাম আহি ঘৰ পালেহি৷ স্মার্টফোন আৰু লেপটপ এতিয়া চলমান অফিচ৷ আৰামদায়ক জীৱনৰ প্রতিশ্রুতিৰে প্রযুক্তিয়ে অনা উদ্ভাৱনে জীৱনটো কাম–ব্যস্ততাৰে ভৰাই তুলিলে চৌবিশ ঘণ্টাই৷
এটা সময়ত শৰীৰটোৱে প্রতিবাদ কৰে৷ টোপনি লঘু হৈ পৰে, উশাহ পাতল, ধৈর্য নাইকিয়া৷ কিন্তু শৰীৰৰ এই প্রতিবাদৰ প্রতি কাণসাৰ নকৰাকৈ মানুহে অধিক কষ্ট কৰে৷ কষ্ট কৰি ভাল পায় কাৰণে নহয়, পিছপৰি যোৱাৰ ভয়ত৷
জীৱনক কিন্তু এনে বলপূর্বক গতি আৰু ব্যস্ততাৰ প্রয়োজন নাই৷ প্রকৃতিয়ে কেতিয়াও খৰখেদা নকৰে, দৌৰাদৌৰি নকৰাকৈয়ে ঋতুবোৰ সলনি হয়৷ সূর্যোদয়– সূর্যাস্তৰ প্রতিযোগিতা নহয়৷ ইয়াত চাপ নাই৷ ছন্দ আছে, মানুহৰ জীৱনতো এটা সময়ত ছন্দ আছিল৷ এতিয়া ছন্দৰ ঠাই লৈছে অবিৰত ব্যস্ততাই৷
ব্যস্ততাৰ অত্যাচাৰৰ পৰা মুক্ত হোৱা মানে দায়িত্ব এৰাই চলা নহয়৷ ইয়াৰ অর্থ হৈছে ব্যস্ততাক পুনৰ সংজ্ঞায়িত কৰা৷ সময়ৰ যত্ন লোৱাটোও দায়িত্বৰ ভিতৰতে পৰে৷ সময়খিনিক কামেৰে ভৰাই পেলোৱা মানেই দায়িত্ব নহয়৷ সচেতনভাৱে সময়সূচীখন প্রস্তুত কৰাটোহে দায়িত্ব, সুচাৰুৰূপে পালন কৰা৷
ব্যস্ততাৰ চাকনৈয়াৰ পৰা ওলাই আহিবলৈ লাগে মাথোঁ সাহস৷ না ক’ব লগা হ’ব পাৰে, গুৰুত্ব কমি যোৱা যেন লাগিব পাৰে– কিন্তু জীৱনটো উদ্ধাৰ হয়৷
ব্যস্ততা কমাই দিলে সাংঘাতিক নাটকীয় একো নহয়৷ কিন্তু সময়ক পুনৰ গভীৰভাৱে উপলব্ধি কৰা হয়৷ মুহূর্তবোৰে ওজন ঘূৰাই পায়৷ সন্ধিয়াবোৰে নীৰৱে জীৱন ঘূৰাই পায়৷
ব্যস্ততাই অত্যাচাৰ কৰিব নোৱাৰা মানুহ এলেহুৱা নহয়৷ কাম এতিয়াও হয়৷ লক্ষ্য এতিয়াও আছে৷ কিন্তু উশাহ বন্ধ কৰি খেদি ফুৰা নহয়৷ জিৰণি লোৱাটো অপৰাধ যেন বোধ নহয়৷ আমি উপলব্ধি কৰোঁ এয়া ভাৰসাম্য ৰক্ষাহে৷ জীৱনটো গতিৰে জুখিব নোৱাৰি, গভীৰতাৰেহে পাৰি৷ গভীৰতাৰ বাবে মনোযোগৰ প্রয়োজন আৰু মনোযোগৰ বাবে বিৰতিৰ৷ থমকি ৰ’বলৈ সাহসৰ প্রয়োজন৷
সিদ্ধান্ত আমাৰ, আমাক কি লাগে– অন্তহীন অর্থহীন ব্যস্ততা নে স্বাধীনতা৷ এই স্বাধীনতা আহে নীৰৱে– জীৱনক উশাহ ল’বলৈ দিয়াৰ পৰা৷

You might also like