লেবাননৰ অসামৰিক অঞ্চলত মাৰাত্মক বগা ফছফৰাছ প্রয়োগ ইজৰাইলৰ
ডিজিটেল ডেস্ক, ১০ মার্চ : যুদ্ধ মানেই নিষ্ঠুৰতাৰ প্রদর্শন, মানৱতাৰ মৃত্যু৷ ইৰানত আৰম্ভ হোৱা মধ্যপ্রাচ্যৰ যুদ্ধখনো ইয়াৰ ব্যতিক্রম নহয়৷ ইজৰাইলে যুদ্ধৰ নামত নিষ্ঠুৰতাৰ নিদর্শন দাঙি ধৰি লেবাননত অসামৰিক অঞ্চলত ব্যৱহাৰ কৰিছে মাৰাত্মক বগা ফছফৰাছ৷ এই বগা ফছফৰাছ অতি বিপজ্জনক৷
লেবাননত ইৰান যুদ্ধৰ ওপৰত নিৰীক্ষণ কৰা এটা মানৱ অধিকাৰ সংস্থাই দাবী কৰা মতে ৩ মার্চত ইজৰাইলৰ পদাতিক বাহিনীয়ে আৱাসিক অঞ্চলবোৰৰ ঘৰসমূহত আর্টিলাৰীত বগা ফছফৰাছ ভৰাই গুলীয়াইছিল৷ নেতান্যাহুৰ বাহিনীয়ে এই আক্রমণ সংঘটিত কৰিছিল দক্ষিণ লেবাননৰ যোম ৰেট চহৰত৷ ৭খন উপগ্রহৰ ছবি বিশ্লেষণ কৰি এই দাবী কৰা হৈছে৷ আইডিফে স্থানীয় ঘৰ আৰু গাড়ীসমূহলৈ বগা ফছফৰাছৰ গুলী নিক্ষেপ কৰিছিল৷ এইটো অতি চিন্তাৰ বিষয়৷ ইয়াৰ ফলত সাধাৰণ জনতাই ভয়াৱহ পৰিণতিৰ ফল ভোগ কৰিবলগীয়া হ’ব পাৰে৷
বগা ফছফৰাছ হৈছে আর্টিলাৰীৰ গোলা বোমা আৰু ৰকেটত ব্যৱহাৰ কৰা এক বিস্ফোৰক পদার্থ যেতিয়াই অক্সিজেনৰ সংস্পর্শলৈ আহে তেতিয়া ই নিমিষতে জ্বলি উঠে৷ ইয়াৰ ফলত ঘৰ, কৃষিপথাৰ আৰু অন্যান্য অসামৰিক আন্তঃগাঁথনি জ্বলি ছাৰখাৰ হোৱাৰ আশংকাই দেখা দিয়ে৷ অসামৰিক অঞ্চলত বগা ফছফৰাছ ব্যৱহাৰ কৰাটো এক অপৰাধ৷ ইয়াৰ পিছতো ইজৰাইলে অমানৱীয়তাৰে নির্মমভাৱে লেবাননত মাৰাত্মক ৰাসায়নিক পদার্থ ব্যৱহাৰ কৰি আহিছে৷