আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় পাকিস্তানৰ ছৰফৰাজ আহমেদৰ
ডিজিটেল ডেস্ক, ১৬ মার্চ : ২০১৭ চনৰ আইচিচি চেম্পিয়ন ট্রফীৰ জয়ত পাকিস্তানক নেতৃত্ব দিয়া আৰু জুনিয়ৰ তথা ছিনিয়ৰ উভয় পর্যায়তে আইচিচি খিতাপ দখল কৰা একমাত্র অধিনায়ক– উইকেটকীপাৰ–বেটছমেন ছৰফৰাজ আহমেদে দেওবাৰে আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰে৷
৩৭ বছৰীয়া আহমেদে পাকিস্তানক প্রতিনিধিত্ব কৰি দুই দশকজোৰা কেৰিয়াৰত ৫৪খন টেষ্ট, ১১৭খন এদিনীয়া আৰু ৬১খন টি-২০ মেচত অংশগ্রহণ কৰি তিনিওটা ফর্মেটতে ৬,১৬৪ ৰান কৰিছিল৷ তেওঁৰ নামত ৬টা শতক আৰু ৩৫টা অর্ধশতক আছে৷ উইকেটকীপাৰ হিচাপেও তেওঁ ২ দশকজোৰা কেৰিয়াৰত ৩১৫টা কেছ আৰু ৫৬টা ষ্টাম্পিং কৰে৷ ছৰফৰাজৰ অধিনায়কত্বৰ সময়তে পাকিস্তানে টি–২০ৰ শীর্ষ ৰেংকিঙত উপনীত হৈছিল৷
তদুপৰি, ৱেষ্ট ইণ্ডিজ, শ্রীলংকা, অষ্ট্রেলিয়া, নিউজিলেণ্ড আৰু স্কটলেণ্ডৰ ছটা ক্লিন ছুইফটকে ধৰি একেৰাহে ১১টা টি-২০ শৃংখলাত জয়লাভৰ বিশ্ব অভিলেখ গঢ়িছিল তেওঁৰ নেতৃত্বত৷ তেওঁৰ নেতৃত্বতে ২০১৭ চনত চেম্পিয়নছ ট্রফীৰ ফাইনেলত ১৮০ ৰানত ভাৰতক পৰাস্ত কৰিছিল৷ একেদৰে ২০০৬ চনত শ্রীলংকাত অনুষ্ঠিত ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ ফাইনেলত তেওঁৰ নেতৃত্বতে ভাৰতক ৩৮ ৰানত পৰাস্ত কৰি খিতাপ অর্জন কৰিছিল৷
বিদায় বেলাত ছৰফৰাজে তেওঁৰ সমগ্র কেৰিয়াৰত সহযোগিতা আগবঢ়োৱা সতীর্থ, প্রশিক্ষক, পৰিয়াল আৰু অনুৰাগীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে৷ ২০১৯ চনত জোহান্সবার্গত এখন টেষ্ট মেচত ১০টা কেছ ধৰি অভিলেখ ৰচিছিল ছৰফৰাজে৷ এইগৰাকী ক্রিকেটাৰে তেওঁৰ অধিনায়কত্বৰ সময়ত বাবৰ আজম, শ্বাহিন আফ্রিদী, হাছান আলীৰ দৰে মেচ বিজয়ী ক্রিকেটাৰ গঢ় দিছিল৷