নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিল-বৰষুণত স্বপ্নভংগ আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ-জয়াৰ

কালি নিশা অহা এজাক প্ৰচণ্ড শিল বৰষুণে স্বপ্ন ভংগ কৰিছে সৰ্থেবাৰীৰ এহাল আদৰ্শ দম্পতীৰ। আদৰ্শ কৃষক দম্পতীৰ হেঁপাহৰ ষ্ট্ৰবেৰী খেতি শিল বৰষুণে থেকেচি তচনচ কৰি পেলায়।

উল্লেখ্য যে সৰ্থেবাৰীৰ কামাৰপাৰাৰ শিক্ষিত আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁই ডেকাই আজি কিছু বছৰৰ পৰা জৈৱিক কৃষি কৰ্মৰে বহুতৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।

আজি কিছুবছৰৰ পৰা পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁই ডেকাই ঘৰৰ পিছফালে থকা দুকঠা  ভূমিত ষ্ট্ৰবেৰী খেতি কৰি আহিছে। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা এই ষ্ট্ৰবেৰী খেতিডৰা আদৰ্শ কৃষক দম্পতীৰ বাবে মুল উপাৰ্জনৰ আহিলা হোৱাৰ লগতে বহুতৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে।

পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁই ডেকাৰ কৃষি কাৰ্য বহুতৰ বাবে প্ৰেৰণা হৈ আহিছে। সদায় ব্যতিক্ৰম খেতিৰে চৰ্চাত থকা এই কৃষক দম্পতীৰ খেতি চাবলৈ দেশৰ ভিন্ন প্ৰান্তৰ লোক আহি গৈছে।

কৃষি বিভাগৰ গুডবুকত নাম খোদিত কৰা এইহাল আদৰ্শ কৃষক দম্পতীক ইতিমধ্যেই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষ বঁটাৰে সন্মানিত কৰিছিল। কেতিয়াবা হালধীয়া ফুলকবি, কেতিয়াবা ড্ৰেগন ফ্ৰুট, কেতিয়াবা কলা ধানৰ খেতিৰে চৰ্চাত থকা আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁই ডেকাই এইবেলি প্ৰায় দুকঠা ভূমিত কৰা ষ্ট্ৰবেৰী খেতি লহপহীয়া কৈ বাঢ়ি অহাৰ লগতে যথেষ্ট ফল প্ৰদান কৰে।

বিগত এমাহত প্ৰায় আশী হাজাৰ টকাৰ ষ্ট্ৰবেৰী বিক্ৰী কৰি যথেষ্ট উৎসাহী হৈ পৰে কৃষক দম্পতী। এতিয়া ষ্ট্ৰবেৰী খেতিৰ ভৰপক সময়। এইবেলি ষ্ট্ৰবেৰী বিক্ৰী কৰি তিনি লাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য লৈছিল পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁই ডেকাই।

পিছে ভবা কথা নহয় সিধি বাটত আছে কনা বিধি। এই আপ্তবাক্যশাৰীয়ে যেন প্ৰযোজ্য হল কৃষক দম্পতীৰ ক্ষেত্ৰত। কিয়নো কালি নিশা সৰ্থেবাৰী অঞ্চলত হোৱা এজাক দোপালপিটা শিল বৰষুণৰ ফলত পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁই ডেকাৰ ষ্ট্ৰবেৰী খেতি ডৰাৰ বৃহত ক্ষতি সাধন কৰে।

গছবোৰ ভাঙি যোৱাৰ লগতে পকী ভৰি থকা ষ্ট্ৰবেৰীবোৰ শিলৰ খুন্দাত উৱলি যায়। পুৱা চকুপানী টুকি টুকি উৱলি যোৱা ষ্ট্ৰবেৰীবোৰ আঁতৰ কৰে আদৰ্শ কৃষক দম্পতীয়ে। বেদনাহত হোৱা কৃষক দম্পতীৰ চকুৰ সমুখত বিধ্বস্ত হৈ পৰা খেতি ডৰা। যেন সপোন ভাঙি তচনচ হল।

এজাক শিল বৰষুণে সপোন ভাঙি তচনচ কৰি পেলালে। নিজে গুৱাহাটী, নলবাৰী, বৰপেটা আদিলৈ গৈ ষ্ট্ৰবেৰী বিক্ৰী কৰি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা পৰমেশ্বৰ ডেকাই বৰ দুখেৰে এই প্ৰতিবেদকক জানিবলৈ দি কয় যে এই শিল বৰষুণৰ ফলত প্ৰায় দুই লাখ টকাৰ ক্ষতি কৰিলে। অৱশ্যে অতি উৎসাহী আদৰ্শ কৃষক দম্পতীয়ে আজি পুৱাৰে পৰা পুনৰ খেতি ডৰা ঠন ধৰাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে।

নিয়মীয়া বাৰ্তা, সৰ্থেবাৰী, ১৬ মাৰ্চ

You might also like