নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰৰ ফকিৰঘাটত চাঞ্চল্য, CSCৰ মালিকৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকৰীপাৰা ফকিৰঘাটৰ এটা CSC কেন্দ্ৰক কেন্দ্ৰ কৰি সহজ-সৰল লোকৰ একাউণ্টৰ পৰা কৌশলেৰে তথা জালিয়াতিৰে ধন উঠাই লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

প্ৰাপ্ত অভিযোগ অনুসৰি, কাকৰীপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ডাকেৰ গাঁৱৰ পৰশুৰাম ঠাকুৰ নামৰ এজন লোকে নিজৰ পোষ্ট অফিচৰ একাউণ্টৰ বেলেন্স পৰীক্ষা কৰাৰ উদ্দেশ্যে ফকিৰঘাটস্থিত শামিম আহমেদৰ CSC কেন্দ্ৰলৈ গৈছিল। অভিযোগ মতে, CSCৰ মালিক শামিম আহমেদে পৰশুৰাম ঠাকুৰৰ আধাৰ কাৰ্ড আৰু টিপচহী গ্ৰহণ কৰাৰ পিছত Bankৰ সৈতে সংযোগ নাই বুলি কৈ তেওঁক ওভতাই পঠায়।

কিন্তু পিছত যোৱা ৭ মাৰ্চত পৰশুৰাম ঠাকুৰে নিজে Bankত গৈ একাউণ্টৰ সবিশেষ পৰীক্ষা কৰাত জানিব পাৰে যে তেওঁৰ একাউণ্টৰ পৰা দহ হাজাৰ টকা জালিয়াতিৰে উঠাই লোৱা হৈছে। অভিযোগ অনুসৰি, এই ধন CSCৰ জৰিয়তে শামিম আহমেদে উঠাই লৈছে।

ইয়াৰ পিছত পৰশুৰাম ঠাকুৰে উক্ত বিষয়ত সোধা-পোছা কৰাৰ বাবে CSCৰ মালিকৰ ওচৰলৈ যোৱাত শামিম আহমেদ আৰু তেওঁৰ দেউতাক লাল মিঞাই তেওঁক ভয়-ভাবুকি দি তাৰ পৰা খেদি পঠিওৱাৰ অভিযোগ উত্থাপন হৈছে।

উপায়হীন হৈ পৰশুৰাম ঠাকুৰৰ পৰিয়ালে ঘটনা সন্দৰ্ভত মানকাচৰ আৰক্ষী থানাত শামিম আহমেদ আৰু তেওঁৰ দেউতাক লাল মিঞাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। এতিয়া আৰক্ষীয়ে উক্ত অভিযোগৰ ভিত্তিত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

নিয়মীয়া বাৰ্তা, মানকাচৰ, ১৭ মাৰ্চ :

You might also like