নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকীয় উষ্ণতা বৃদ্ধি, হোৰাহোৰে গলিছে বৰফৰ আচ্ছাদন

ডিজিটেল ডেস্ক, ১৭ মার্চ : পৃথিৱীত দিনটোৰ সময়ছোৱা দীঘলীয়া হৈছে৷ ইয়াৰ বাবে জগৰীয়া কৰা হৈছে গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিঘটনাক৷ জলবায়ু পৰিৱর্তনৰ ফলত যিদৰে মেৰু অঞ্চলত বৰফ গলিবলৈ ধৰিছে, তাৰ পৰিপ্রেক্ষিততেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি দাবী কৰিছে গৱেষকসকলে৷

ভিয়েনা বিশ্ববিদ্যালয় আৰু ইটিএইচ জুৰিখৰ গৱেষকসকলে জানিবলৈ দিয়া মতে, ৩৬ লাখ বছৰৰ ভিতৰতো এনে পৰিস্থিতি দেখিবলৈ পোৱা নাযায়৷ কোৱা হৈছে যে মেৰু অঞ্চলৰ হিমবাহ আৰু বৰফ যিদৰে গলিবলৈ আৰম্ভ কৰিছে, তাৰ প্রভাৱতে সমুদ্রপৃষ্ঠ ওফন্দি উঠিছে৷ ইয়াৰ ফলতেই প্রতিটো শতাব্দীৰ হিচাপত ১.৩৩ মিলি ছেকেণ্ডকৈ সময় বৃদ্ধি পাইছে একোটা দিনৰ দৈর্ঘ্যত৷ আপাততঃ এই পৰিৱর্তনক বহুত ডাঙৰ কিবা বুলি ধাৰণা কৰা নহ’লেও বিজ্ঞানীসকলে সতর্ক কৰি দিছে৷

তেওঁলোকে জনাইছে যে ইয়াৰ প্রভাৱ হ’ব পাৰে অভাৱনীয়৷ আচলতে সমুদ্রপৃষ্ঠ ওফন্দি উঠাত পৃথিৱীৰ উপৰিভাগৰ পুনৰ বিন্যাস ঘটিছে৷ এনে হোৱাৰ ফলত পৃথিৱীৰ ঘূর্ণনৰ গতি কমিছে৷ সেইবাবেই দিনৰ সময়ছোৱা বৃদ্ধি পাইছে৷

স্মর্তব্য যে পৃথিৱীখন যে একেবাৰে নিখুঁত অপৰিৱর্তনীয় গতিত ঘূৰি আছে তেনে নহয়৷ বৰঞ্চ চন্দ্রৰ মহাকর্ষণীয় টান, গ্রহৰ অভ্যন্তৰৰ গতিবিধি আৰু বায়ুমণ্ডলীয় অৱস্থাৰ কাৰণে গ্রহটোৰ ঘূর্ণন সকলো সময়তে পৰিৱর্তিত হৈ থাকে৷ কিন্তু মানৱসৃষ্ট জলবায়ু পৰিৱর্তন এই সমীকৰণত এক প্রধান শক্তি হৈ পৰিছে৷ তাৰ ফলতেই সৃষ্টি হৈছে এই পৰিস্থিতিৰ৷

বিজ্ঞানীসকলে জনাইছে যে সামুদ্রিক এককোষী প্রাণীৰ জীৱাশ্ম বিশ্লেষণ কৰা হৈছে৷ সেইবোৰৰ গঠন চালিজাৰি চাই সেইবোৰ সমুদ্র স্তৰৰ কোন অৱস্থানত আছিল, তাক ঠাৱৰ কৰা হৈছে৷ ইয়াৰ পিছত গাণিতিক হিচাপৰ মাধ্যমেৰে জনা গৈছে, সেই সময়ৰ দিনটোৰ দৈর্ঘ্য৷ তাকেই বর্তমান সময়ত পৰিস্থিতিৰ সৈতে তুলনা কৰা সম্ভৱ হৈছে৷ ফলত পোহৰলৈ আহিছে ভয়ংকৰ পৰিৱর্তনৰ হিচাপ৷

বিজ্ঞানীসকলে প্রকাশ কৰা মতে, সৰু সৰু পৰিৱর্তনেও আমাৰ দৈনন্দিন জীৱনত প্রভাৱ পেলায়৷ জিপিএছ ছিষ্টেমৰ পৰা কৃত্রিম উপগ্রহৰ ওপৰত নিৰীক্ষণলৈকে সকলোতেই সৃষ্টি হয় সমস্যা৷ এই শতিকাটোৰ শেষৰফালে এনে পৰিৱর্তনে আৰু বৃহৎ প্রভাৱ পেলাব সভ্যতাৰ ওপৰত৷ এই সতর্কতা আগবঢ়াইছে বিজ্ঞানীসকলে৷

You might also like