ডিজিটেল ডেস্ক, ১৭ মাৰ্চ : অসম আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত শ্ৰীভূমি জিলাত এক বৃহৎ সফলতা। জিলাখনৰ দুখনকৈ পৃথক ঠাইত চলোৱা অভিযানত আৰক্ষীয়ে ২৬ হাজাৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে দুজন অভিযুক্তক আটক কৰিছে।
গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে শ্ৰীভূমিৰ দুটা পৃথক স্থানত অভিযান চলাইছিল। এই অভিযান জিলাখনৰ নিলাম বজাৰৰ গান্ধাই বজাৰ আৰু কালিগঞ্জ বজাৰৰ বন্ধন বেংকৰ সমীপত চলোৱা হৈছিল। অভিযানত মুঠ ২৬,০০০ নিষিদ্ধ য়াবা টেবলেট জব্দ কৰা হয়।
জব্দ কৰা টেবলেটখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ২ কোটি টকা। এই ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্তক আটক কৰিছে। ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা দুখনকৈ বাহনো আৰক্ষীয়ে জব্দ কৰিছে। আৰক্ষীয়ে এই ড্ৰাগছখিনি ক’ৰ পৰা আহিছিল আৰু ক’লৈ পঠোৱাৰ পৰিকল্পনা আছিল সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।