নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছত বিসম্বাদৰ উকমুকনি, সাগৰিকাৰ লগ এৰিছে ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে

সমাগত বিধানসভা নিৰ্বাচন। ক্ৰমাৎ কংগ্ৰেছত আৰম্ভ হৈছে বিসম্বাদৰ উকমুকনি। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পিছতে দেৰগাঁৱত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে দেখা দিছে । যাৰ ফলত দেৰগাঁৱৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে লগ এৰিছে কংগ্ৰেছ প্ৰাৰ্থী সাগৰিকা বৰাৰ।

তালিকা প্ৰকাশ হোৱাৰ পিছতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অনুসূচিত জাতি কোষৰ এগৰাকী ৰাজ্যিক সমন্বয়কে তেওঁৰ পদবীৰ পৰা পদত্যাগ কৰিছে। অৰুণ দাস নামৰ এইগৰাকী সমন্বয়কে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত সমন্বয়ক পদবীৰ পৰা পদত্যাগ কৰাৰ কথা উল্লেখ কৰে যদিও পদত্যাগৰ কাৰণ উল্লেখ কৰা নাই। অৰুণ দাসে পদত্যাগ কৰাটো এক তাৎপৰ্যপূৰ্ণ কথা ।

উল্লেখ্য যে অৰুণ দাসে দেৰগাঁও বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ আন এগৰাকী প্ৰাৰ্থিত্বপ্ৰত্যাশী বিবেক বৰাক সমৰ্থন কৰি আহিছিল আৰু দেৰগাঁৱত বিবেক বৰাৰ পৰিৱৰ্তে সাগৰিকা বৰাক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবেই পদত্যাগ কৰা বুলি ভবাৰ থল আছে। আনহাতে, গোলাঘাট জিলা কংগ্ৰেছৰ সেৱা দলৰ ইয়ং ব্ৰিগেডৰ সভাপতি বিদ্যুৎ বৰাই ১৪ মাৰ্চৰ পৰাই কাৰ্যকৰী হোৱাকৈ কংগ্ৰেছৰ সকলো দায়িত্বৰ পৰা পদত্যাগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

তদুপৰি দেৰগাঁও মণ্ডল কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰফুল্ল দত্তই ব্যক্তিগত কাৰণত বিষয়বাব ত্যাগ কৰিছে। দেৰগাঁও মণ্ডল কংগ্ৰেছৰ কমিটীৰ সাধাৰণ সম্পাদক তফিকুৰ ৰহমানে ঘৰুৱা অসুবিধা আৰু স্বাস্থ্যজনিত কাৰণৰ দোহাই দি কংগ্ৰেছৰ বিষয়বাব ত্যাগ কৰে। দেৰগাঁও মণ্ডল কংগ্ৰেছৰ কমিটীৰ সাধাৰণ সম্পাদক কুলদীপ বৰা, পাপুল শইকীয়াই নিজৰ বিষয়বাব ত্যাগ কৰাৰ লগতে দিগন্ত পাতিৰে কংগ্ৰেছ দল ত্যাগ কৰে। দিগন্ত পাতিৰে কৰা অভিযোগ মতে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ কিছু ভুল সিদ্ধান্তৰ বাবেই দল ত্যাগ কৰিবলৈ বাধ্য হয়।

উল্লেখ্য যে সাগৰিকাৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰি অচিৰেই দল এৰিবলৈ তিনি শতাধিক কংগ্ৰেছ কৰ্মী সাজু হোৱৰ খবৰ লাভ কৰা হৈছে। যিটো কংগ্ৰেছ দলৰ বাবে হ’ব মোক্ষম আঘাত।

নিয়মীয়া বাৰ্তা, দেৰগাঁও,  ১৭ মাৰ্চ :

You might also like