ধুবুৰী কংগ্ৰেছত খহনীয়া, আবুল মিঞাৰ পদত্যাগত জোকাৰণি
বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দল পুনৰ এক ডাঙৰ আঘাতৰ সন্মুখীন হৈছে। ধুবুৰীৰ জ্যেষ্ঠ নেতা আবুল মিঞাই দলৰ পৰা পদত্যাগ কৰি অখিল গগৈৰ ৰাইজৰ দলত যোগদান কৰিছে।
উল্লেখযোগ্য যে আবুল মিঞাই ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আৰু ধুবুৰী জিলা কংগ্ৰেছৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পাছত দলৰ ভিতৰত সৃষ্টি হোৱা অসন্তুষ্টিৰ বাবেই এই দলত্যাগৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বিশেষকৈ নৱগঠিত গৌৰীপুৰ সমষ্টিক কেন্দ্ৰ কৰি ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে।
সূত্ৰ অনুসৰি, কংগ্ৰেছে গৌৰীপুৰ সমষ্টিত বৰ্তমানৰ গোলোকগঞ্জৰ বিধায়ক আব্দুছ শোভান আলী সৰকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সিদ্ধান্তত অসন্তুষ্ট হৈ আবুল মিঞাই এই পদক্ষেপ গ্ৰহণ কৰে।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত টিকট বিতৰণক লৈ দলৰ ভিতৰত সৃষ্টি হোৱা মতানৈক্য আৰু অৱহেলাই তেওঁৰ পদত্যাগৰ মুখ্য কাৰণ বুলি কোৱা হৈছে। অঞ্চলটোত আবুল মিঞাৰ শক্তিশালী তৃণমূল সমৰ্থন থকাৰ বাবে ৰাইজৰ দলত তেওঁৰ যোগদানত স্থানীয় ৰাজনৈতিক সমীকৰণত ডাঙৰ পৰিৱৰ্তন আহিব বুলি অনুমান কৰা হৈছে।
ডিজিটেল ডেস্ক, ১৭ মাৰ্চ