নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ ত্যাগ প্ৰদ্যুত বৰদলৈ, ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্য

অসমৰ ৰাজনীতিত পুনৰ এক ডাঙৰ পৰিৱর্তন। প্ৰদ্যুত বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাদ পত্ৰ প্ৰেৰণ কৰে পদত্যাগ কৰে নগাঁৱৰ সাংসদগৰাকীয়ে।

দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সৈতে জড়িত থকা বৰদলৈৰ এই সিদ্ধান্তই ৰাজ্যৰ ৰাজনীতিত ব্যাপক আলোড়ন সৃষ্টি কৰিছে। যদিও তেওঁৰ দলত্যাগৰ সঠিক কাৰণ স্পষ্টকৈ প্ৰকাশ কৰা হোৱা নাই, তথাপি দলৰ ভিতৰত চলি থকা মতানৈক্য আৰু টিকট বন্টনক কেন্দ্ৰ কৰি অসন্তুষ্টিৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি ৰাজনৈতিক মহলত আলোচনা চলিছে।

উল্লেখযোগ্য যে প্ৰদ্যুত বৰদলৈ কংগ্ৰেছৰ এজন জ্যেষ্ঠ আৰু প্ৰভাৱশালী নেতা হিচাপে পৰিচিত আছিল। তেওঁৰ এই পদক্ষেপে আগন্তুক নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে ডাঙৰ আঘাত হিচাপে গণ্য কৰা হৈছে। কংগ্ৰেছ চৰকাৰৰ সময়ত তেওঁ দীৰ্ঘকালীন মন্ত্ৰী আছিল।

জানিব পৰা মতে কাইলৈ দিনৰ ভাগত দিল্লীত বৰদলৈয়ে বিজেপিত যোগদান কৰিব আৰু সম্ভৱতঃ কাইলৈ ঘোষণা হব লগা বিজেপিৰ প্ৰাৰ্থিত্বৰ তালিকাত নাম সোমাব। চৰ্চা অনুসৰি অসমৰ এটা সন্মানীয় সমষ্টিত বৰদলৈয়ে নিৰ্বাচন খেলিব। এতিয়া লক্ষ্য কৰিব লগা হল যে মাৰ্ঘেৰিটা টিকট লাভ কৰা বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈৰ কি হব। পিতৃয়ে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত পুত্ৰই কি বাট লব, তালৈ সকলোৱে বাট চাইছে।

ডিজিটেল ডেস্ক, ১৭ মাৰ্চ

You might also like