নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ শিক্ষাৰ্থীক ৰেহাই মূল্যত IPL-ৰ টিকট দিব ৰাজস্থান ৰয়েলছে

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব লগা ৰাজস্থান ৰয়েলছে পূৰ্বৰ দৰেই এইবাৰো ছাত্ৰ-ছাত্ৰীক ৰেহাই মূল্যত টিকট দিব৷ দলটোৱে জনোৱা অনুসৰি অসমৰ ছাত্ৰ-ছাত্ৰীয়ে ৭৯৯ টকাতে টিকট ক্ৰয় কৰি গুৱাহাটীত হ’ব লগা আই পি এল মেচৰ ৰোমাঞ্চ উপভোগ কৰিব পাৰিব৷ উল্লেখ্য যে ৰাজস্থান ৰয়েলছ একমাত্ৰ আই পি এলৰ দল যিয়ে ছাত্ৰ-ছাত্ৰীক প্ৰতিবছৰে ৰেহাই মূল্যত টিকট দি আহিছে৷

দলে জনোৱা অনুসৰি অহা ৩০ মাৰ্চত গুৱাহাটীত হ’ব লগা ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ মেচখনৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ত প্ৰমান দি কাউণ্টাৰৰ পৰা পোনে পোনে ৰেহাই মূল্যৰ টিকট ক্ৰয় কৰিব পাৰিব৷ ছাত্ৰ-ছাত্ৰীৰ বিশেষ টিকট কাউণ্টাৰৰ স্থান তথা মুকলি কৰাৰ দিন দলে শীঘ্ৰে জনাব৷

ইতিমধ্যে যোৱা ১৫ মাৰ্চৰ পৰাই সকলো দৰ্শকৰ বাবে গুৱাহাটীত হ’ব লগা ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ প্ৰথম মেচৰ টিকট বিক্ৰী আৰম্ভ হৈছে তথা ক্ৰিকেটপ্ৰেমীয়ে উৎসাহেৰে নিজৰ প্ৰিয় তাৰকাৰ খেল উপভোগ কৰাৰ বাবে ডিষ্টিক্ট-জ’মাটো এপত টিকট লৈছে৷ এপ ষ্ট’ৰ বা গুগল প্লে ষ্ট’ৰ পৰা ডিষ্টিক্ট-জ’মাটো এপটো ডাউনলোড কৰি অতি সহজে নিজৰ পছন্দৰ টিকটতো ম’মাইল ফোনতে কিনিব পাৰিছে৷

ইফালে, গুৱাহাটীৰ প্ৰথম মেচৰ দৰেই পৰৱৰ্তী ৭ আৰু ১০ এপ্ৰিলতো এ চি এ ষ্টেডিয়ামত হ’ব লগা অন্য দুখন মেচৰো ৭৯৯ টকাৰ ৰেহাই মূল্যৰ টিকট ছাত্ৰ-ছাত্ৰীয়ে ক্ৰয় কৰাৰ সুবিধা থাকিব৷ অৱশ্যে ৭ আৰু ১০ এপ্ৰিলৰ মেচৰ টিকট এতিয়া মুকলি নহয়৷ টিকট মুকলিৰ নিৰ্দিষ্ট সময় সকলোকে পৰবৰ্তী সময়ত জনোৱা হ’ব৷

উল্লেখ্য যে অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ সাতখন ঘৰুৱা মেচৰ হাইভল্টেজ তিনিখন খেল গুৱাহাটীত খেলিব৷ সেই অনুসৰি অহা ৩০ মাৰ্চত গুৱাহাটীত হ’ব লগা প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছ পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব৷ আনহাতে, অহা সাত এপ্ৰিলত এ চি এ ষ্টেডিয়ামৰ দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ প্ৰতিদ্বন্দ্বী হ’ব পাঁচবাৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ৷ ইফালে, বিগত আই পি এলৰ চেম্পিয়ন আৰ চি বিয়ে অহা ১০ এপ্ৰিলত গুৱাহাটীত হ’ব লগা তৃতীয় মেচখনত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব৷

স্মৰ্তব্য যে যোৱাবছৰ আৰ আৰ আৰু চি এছ কে মেচখন দৰ্শকৰ সংখ্যাৰে গুৱাহাটীত এতিয়ালৈকে হোৱা শ্ৰেষ্ঠ খেল আছিল৷ ৰাজস্থান ৰয়েলছৰ সমৰ্থকৰ লগতে ধোনীৰ অনুৰাগী এইবাৰো সাজু হৈ গুৱাহাটীৰ প্ৰথম আই পি এল মেচখনৰ বাবে৷ ইফালে, প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ খেলিব আহিব ৰোহিত শৰ্মাৰ দল মুম্বাই ইণ্ডিয়ানছ আৰু বিৰাট কোহলিৰ দল আৰ চি বিয়ে৷ তিনিওখন মেচক লৈ দৰ্শকৰ উন্মাদনা ইতিমধ্যে তুংগত উঠিছে৷

ডিজিটেল ডেস্ক, ১৭ মাৰ্চ

You might also like