নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত উত্তম প্ৰসাদক প্ৰাৰ্থিত্ব বিজেপিৰ

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত দলটোৱে ধুবুৰীৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিলে উত্তম প্ৰসাদক। সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা ধুবুৰী বিধানসভা সমষ্টিত প্ৰসাদক প্ৰক্ষেপ কৰাৰ ঘটনাই পুৰণি গতানুগতিক চিন্তাধাৰাৰ পৰা আঁতৰি ধুবুৰী বিধানসভা সমষ্টিটোক লৈ বিজেপি নেতৃত্বই এক নতুন ধৰণে চিন্তা-চৰ্চা কৰাটো প্ৰতীয়মান হোৱা বুলিয়েই মত স্থানীয় ৰাজনৈতিক বিশ্লেষক একাংশৰ। তাৰোপৰি, সংখ্যাগুৰু ভোটাৰৰ উপৰি সমষ্টিটোৰ সংখ্যালঘু ভোটাৰৰ মাজতো গ্ৰহণযোগ্যতা থকাটো উত্তম প্ৰসাদৰ “এক্স ফেক্টৰ” বুলিও উঠি আহিছে। উল্লেখ্য যে, প্ৰাৰ্থীত্ব নিশ্চিত হোৱাৰ পিছে পিছে দলীয় কৰ্মী আৰু সমৰ্থক সকলে ফটকা ফুটাই, ৰং-ৰইচ কৰি বিশাল এক সমদলৰে ধুবুৰীৰ তেতুলতলাস্থ বিজেপিৰ জিলা কাৰ্যালয় লৈ আদৰি নিয়ে প্ৰসাদক।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৯ মাৰ্চ

You might also like