দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনা আৰু ৰাজনৈতিক চৰ্চাৰ অৱসান ঘটাই অৱশেষত তিতাবৰ বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে ধীৰাজ গোৱালক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। এই ঘোষণাই সমষ্টিটোৰ ৰাজনৈতিক পৰিৱেশত নতুন গতি আনিছে আৰু আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা বৃদ্ধি কৰিছে।
তিতাবৰত এইবাৰ টিকট প্ৰত্যাশীৰ তালিকাখন যথেষ্ট দীঘলীয়া আছিল। দলৰ ভিতৰত বহুজন আগবাঢ়ি আহিছিল যদিও শেষত নেতৃত্বই ধীৰাজ গোৱালৰ ওপৰত আস্থা প্ৰকাশ কৰে। তেওঁৰ নাম ঘোষণা হোৱাৰ লগে লগে সমৰ্থকসকলৰ মাজত আনন্দৰ ঢৌ বোৱাৰ লগতে জিন্দাবাদ ধ্বনিৰে মুখৰ কৰি তোলা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে দীৰ্ঘবছৰ ধৰি কংগ্ৰেছৰ দখলত থকা তিতাবৰ সমষ্টিটো এইবাৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ৰণক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। স্থানীয় ৰাইজৰ মাজত উন্নয়ণৰ স্থবিতাৰ অভিযোগ ক্ৰমে জোৰদাৰ হৈ উঠিছে। কংগ্ৰেছৰ বিধায়ক থকাৰ বাবেই বাট-পথ, মৌলিক সুবিধা আৰু সামগ্ৰিক উন্নয়ণৰ ক্ষেত্ৰত আশানুৰূপ অগ্ৰগতি নোহোৱা বুলি একাংশ ভোটাৰৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টি স্পষ্টভাৱে পৰিলক্ষিত হৈছে।
এই পৰিপ্ৰেক্ষিত এইবাৰৰ নিৰ্বাচনত তিতাবৰত পৰিবৰ্তনৰ ‘হাৱা’ বব বুলিও ৰাজনৈতিক মহলত আলোচনা চলিছে। বহু ভোটাৰে নতুন নেতৃত্ব আৰু নতুন চিন্তাধাৰাৰ ওপৰত ভৰসা ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ফলস্বৰূপে বিজেপিৰ প্ৰাৰ্থী ধীৰাজ গোৱালৰ প্ৰৱেশে সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণত উল্লেখযোগ্য পৰিবৰ্তন আনিছে।
বিগত কেইবাদিনৰ পৰা ধীৰাজ গোৱালাই জনসংযোগ অভিযান তীব্ৰতৰ কৰি সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা কাৰ্যসূচীত উপস্থিত হোৱা দেখা গৈছে। উন্নয়ণ, কৰ্মসংস্থান আৰু মৌলিক সুবিধা উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰে তেওঁ ৰাইজৰ মাজত আস্থা সৃষ্টিৰ চেষ্টা চলাইছে। প্ৰাৰ্থিত্ব লাভৰ নিশ্চিত সংকেত লাভ কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত ধীৰাজ গোৱালাই কয় যে তিতাবৰৰ ৰাইজে ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উন্নয়নৰ পথৰ সহযাত্ৰী হ’ব বিচাৰিব বুলি ভাবোঁ। যিবিলাক সমষ্টিত ২০১৬ত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক নিৰ্বাচিত হৈছিল সেইবিলাক সমষ্টিৰ তুলনাত আমি দহ বছৰ তিতাবৰ পিছুৱাই আছে।
ৰাস্তা-পদূলিকে ধৰি বহু সমস্যাত ভাৰাক্ৰান্ত এটা সমষ্টি তিতাবৰ। সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ লগত এইকেইটা দিন থাকি অনুভৱ কৰিছোঁ যে ৰাইজে উন্নয়ন বিচাৰে। ৰাইজ বহুত বেছি দিন কেৱল মাত্ৰ আবেগৰ বশৱৰ্তী হৈ সামগ্ৰিক উন্নয়ণৰ পৰা আঁতৰি থাকিব নিবিচাৰিব। মোৰ এটা দীৰ্ঘদিনীয়া সামাজিক জীৱনৰ অভিজ্ঞতা আছে। সামাজিক কাম কৰাৰ উদ্দেশ্যেৰেই আটছাত আছিলোঁ, এতিয়া সামাজিক কাম কৰাৰ উদ্দেশ্যেৰেই ৰাজনৈতিক ক্ষেত্ৰখনত আহিছোঁ।
নিশ্চিতভাৱে ২০২৬ তিতাবৰৰ বাবে ভাল হ’ব বুলি মন্তব্য কৰে ধীৰাজ গোৱালাই। আনহাতে, কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ভাস্কৰ জ্যোতি বৰুৱাৰ নাম চৰ্চাত আছে যদিও বাতৰি লিখা সময়লৈকে কংগ্ৰেছ দলে নিজৰ প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। কিন্তু তিতাবৰ সমষ্টিত এইবাৰ মূল যুঁজ বিজেপি আৰু কংগ্ৰেছৰ মাজতেই সীমাবদ্ধ থাকিব সেয়া নিশ্চিত।
উল্লেখ্য যে সামগ্ৰিকভাৱে তিতাবৰ সমষ্টিত এইবাৰৰ নিৰ্বাচন কেৱল এখন সাধাৰণ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা নহয়; ই হ’ব দীৰ্ঘদিনীয়া আধিপত্য আৰু সম্ভাৱ্য পৰিবৰ্তনৰ মাজৰ এক নিৰ্ণায়ক সংঘৰ্ষ। অৱশ্যে ৰাইজে পৰিবৰ্তনৰ পথ বাচে নে পুনৰ পুৰণি আস্থাকেই আগবঢ়াই ৰাখে সেয়া সময়তহে স্পষ্ট হ’ব।
নিয়মীয়া বাৰ্তা, তিতাবৰ, ১৯ মাৰ্চ