লাখ লাখ ইছলামধৰ্মী লোকসকলৰ বাবে এক ডাঙৰ সুখবৰ। অসম তথা সমগ্ৰ ভাৰতত অহা ২১ মাৰ্চত পালন কৰা হ’ব পৱিত্ৰ ঈদ।
পৱিত্ৰ ৰমজান মাহৰ অন্তত ইছলামধৰ্মী লোকসকলে শনিবাৰে আনন্দ-উৎসাহেৰে উদযাপন কৰিব এই মহান উৎসৱ। কেন্দ্ৰীয় হিলাল কমিটীয়ে ঈদৰ তাৰিখ ঘোষণা কৰিছে। ইছলামিক কেলেণ্ডাৰৰ দশম মাহ শ্বাৱালৰ প্ৰথম দিনটোতেই ঈদ-উল-ফিতৰ পালন কৰা হয়।
উল্লেখ্য যে, ছৌদি আৰব, ইউএই আৰু অন্যান্য উপসাগৰীয় দেশসমূহত ১৮ মাৰ্চত ঈদৰ চন্দ্ৰ দেখা নোযোৱাৰ ফলত সেই দেশসমূহত ২০ মাৰ্চত ঈদ উদযাপনৰ সিদ্ধান্ত লোৱা হৈছে।

ইফালে ভাৰত তথা অসমত ২১ মাৰ্চত ঈদ উদযাপন কৰা হ’ব বুলি নিশ্চিত কৰা হৈছে। এই উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি প্ৰস্তুতি চলি থকাৰ লগতে বজাৰসমূহত ইতিমধ্যে উৎসৱৰ উল্লাস দেখিবলৈ পোৱা গৈছে।
ডিজিটেল ডেস্ক, ১৯ মাৰ্চ