নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : নীৰৱ ঘাতকৰ ছদ্মবেশ

সভ্যতাৰ অগ্রগতিৰ লগে লগে আধুনিকতাৰ উপকৰণসমূহৰ পাৰ্শ্বক্রিয়াই বিশ্বৰ প্রাণীকুললৈ কঢ়িয়াই আনিছে ধ্বংসৰ বিভীষিকা৷ বিশ্বৰ প্রাণীকুলে বিশেষকৈ মানৱ জাতিয়ে মুখামুখি হ’বলগীয়া হৈছে কিছুসংখ্যক নীৰৱ ঘাতকৰ সৈতে৷ ধ্বংস অথবা মৃত্যুৰ হাত–বাউলিয়ে মানৱ জাতিৰ সন্মুখত দাঙি ধৰিছে কিছুমান নিত্য–নতুন অশনি সংকেত৷ মানৱ সভ্যতাই যিমানেই উন্নতিৰ জখলাৰে ওপৰলৈ বগাবলৈ লৈছে, সিমানেই কিছুমান আনুষংগিক বিপর্যয়ে নিত্য–নতুন ৰূপত দেখা দিবলৈ লোৱাটোৱে অতি সম্প্রতি সচেতন মহলত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে৷ তেনেকুৱা এক উদ্বেগজনক পৰিঘটনা হ’ল গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যা৷ বিশ্বৰ বিভিন্ন দেশত বিশেষকৈ উন্নত দেশসমূহে সৃষ্টি কৰা প্রদূষণৰ ফলত বিশ্বৰ স্বাভাৱিক পাৰিপার্শ্বিক অৱস্থাত গভীৰ আঁচোৰ পৰিবলৈ ধৰাটো এতিয়া আৰু অলক্ষিত হৈ থকা নাই৷ মানৱ সভ্যতাৰ অগ্রগতিত সমাজ জীৱনত সাঙোৰ খাই পৰা বিভিন্ন উপকৰণ যেনে গাড়ী–মটৰ, কল–কাৰখানাই যিদৰে সমাজৰ আর্থ–সামাজিক প্রগতিত প্রভুত অৰিহণা যোগাই আহিছে, ঠিক তেনেদৰে তাৰ বিপৰীতে সিবোৰে সৃষ্টি কৰা প্রদূষণে পাৰিপার্শ্বিক ভাৰসাম্যত অভূতপূর্ব বিপর্যয় ঘটাবলৈ লৈছে৷ লাহে লাহে বিশ্বত অত্যধিক মাত্রাত সেউজ গৃহৰ পৰিঘটনাৰ সৃষ্টি হ’বলৈ ধৰাত গোলকীয় উষ্ণতা দ্রুতগতিত আৰু ক্রমবর্ধিত হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ পূর্বৰ তুলনাত বিশ্বৰ পাৰিপার্শ্বিক ভাৰসাম্যৰ অৱনতিৰ হাৰ সম্প্রতি যথেষ্ট বৃদ্ধি পোৱাত অদূৰ ভৱিষ্যতে বিশ্ববাসীলৈ এক ভয়াৱহ বিপর্যয় মাতি অনাৰ প্রবল আশংকাই দেখা দিয়াৰ লগতে ইতিমধ্যে বিশ্বৰ প্রাণীকুলৰ মাজৰ পৰা অনেক প্রজাতি বিলুপ্তিৰ গৰাহত পৰিছে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷ প্রদূষণৰ দ্রুত বৃদ্ধিয়ে সম্প্রতি যি ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে, সিয়ে মানৱ জাতিলৈও একেই সংকেত জাৰি কৰিছে৷ বর্ধিত প্রদূষণৰ ফলত বায়ুমণ্ডলৰ অ’জন স্তৰত বিন্ধা হোৱাৰ উপৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত মেৰু অঞ্চলৰ হিমবাহ দ্রুতগতিত গলিবলৈ লৈছে, যিয়ে সমুদ্রৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি কৰিবলৈ ধৰিছে৷ এই ভয়াৱহ প্রক্রিয়াটো এনেদৰে চলি থাকিলে বিশ্বৰ সমুদ্র তীৰৱর্তী অনেক অঞ্চল সাগৰৰ পানীত বুৰ যাব অহা বিশ–ত্রিশ বছৰৰ ভিতৰতে৷ এনে এক আশংকাৰ পৰিপ্রেক্ষিততে বিশ্বৰ বিভিন্ন ৰাষ্ট্রৰ মুৰব্বী তথা ৰাষ্ট্রসংঘৰ উদ্যোগতো সময়ে সময়ে সমস্যাটোৰ পৰা হাত সৰাৰ উপায় উদ্ভাৱনৰ বাবে বিভিন্ন ঠাইত বিভিন্ন সন্মিলনৰ আয়োজন কৰিছে৷ তথাপি বাস্তৱ ক্ষেত্রত ইবোৰৰ কিবা ইতিবাচক ফল ধৰিছে বুলিব পৰা এতিয়াও হোৱা নাই, মাথোঁ কূটনৈতিক পর্যায়তে বিষয়টোৱে পাকঘূৰণি খাই ৰৈছে৷ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ বিকাশৰ লগে লগে উন্নতিৰ চূড়ান্ত শিখৰলৈ বগোৱা মানৱ সভ্যতাটো যে তিলতিলকৈ ধ্বংসৰ মুখলৈ পতিত হ’বলৈ লৈছে, সেই ক্ষেত্রত এই মুহূর্তলৈ বিশ্ববাসী যিমানদূৰ সচেতন আৰু সচেষ্ট হোৱা উচিত আছিল সিমানদূৰ পৰিদৃষ্ট হোৱা নাই৷ জলবায়ুৰ হাঁওফাঁওস্বৰূপ পৃথিৱীৰ সেউজ আৱৰণটি যে দিনে দিনে দ্রুতগতিত টুটি আহিব ধৰিছে তাক লৈ যেন যথেষ্ট মন–কাণ দিয়া হোৱা নাই৷ জলবায়ুৰ ভাৰসাম্য ৰক্ষাত গছ–গছনিৰ ভূমিকা অপৰিসীম বুলি জানি–শুনিও কাৰো যেন কাণসাৰ নাই৷ নিজৰ মৃত্যুক নিজেই মাতিছে মানৱ জাতিয়ে৷ কেৱল নিজস্ব ভোগ–বিলাসৰ স্বার্থতেই মানুহে নিজেই ধ্বংস কৰিছে নিজৰ ভৱিষ্যৎ৷ নিজৰ ভোগ–বিলাসত মত্ত হৈ থকাৰ আঁৰে আঁৰে এক নীৰৱ ঘাতক ৰূপে পাৰিপার্শ্বিক বিপর্যয়ে যে হাতোৰা মেলি আগবাঢ়ি আহিছে, তালৈ মন দিবলৈ কাৰোৰেই যেন আহৰি নাই৷ কল–কাৰখানাৰ দূষিত পানী নিষ্কাশনৰ নামত বর্জ্য পদার্থসমূহ নদ–নদীত পেলোৱাৰ ফলত তাৰ পানী দূষিত হৈছে আৰু পানীত থকা জলজ প্রাণী বা জলচৰ প্রাণীসমূহলৈও সংকট কাল নামি আহিছে৷ উপসাগৰীয় যুদ্ধৰ সময়ত নির্গত তেলসমূহ সাগৰত পৰাৰ ফলত সাগৰীয় মাছ, চৰাই–চিৰিকটি আদিয়ে কেনেদৰে শোকাৱহভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল, সেই কথা সচেতন লোকৰ মনত এতিয়াও নিশ্চয় সজীৱ হৈ আছে৷
বর্তমানৰ ইৰান যুদ্ধৰ পৰিণতিও যে তেনে দিশতেই গতি কৰিছে তাক কোৱাটো নিশ্চয় বাহুল্য মাথোন৷ বনভূমিৰ গছ–গছনি কাটি তহিলং কৰাৰ ফলত বনৰীয়া জীৱ–জন্তুবোৰৰ কেনে আলৈ–আথানি হৈছে, সেয়া আজি আৰু কাৰো অবিদিত নহয়৷ অসমত সঘনাই হৈ থকা হাতী–মানুহৰ সংঘাতৰ কাৰণো হাতীৰ বিচৰণভূমিৰ হ্রাস আৰু খাদ্যৰ নাটনিয়ে বুলি আঙুলিয়াই দিবলগীয়া নাই নিশ্চয়৷ তেনেদৰে পথাৰত শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে আজিকালি ব্যাপকভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা ৰাসায়নিক কীটনাশক দ্রব্যই খেতিপথাৰৰ বিভিন্ন সৰু–সুৰা কীট–পতংগলৈ অস্তিত্বৰ সংকট নমাই আনিছে৷ ইয়ে কেৱল জীৱকুলৰ ভাৰসাম্যতে ব্যাঘাত জন্মোৱা নাই, ইয়াৰ প্রভাৱ খাদ্য–শস্যৰ ওপৰতো পৰিছে৷ কীটনাশক ব্যৱহাৰ কৰা শস্য ভক্ষণ কৰি আজিকালি মানুহ নিত্য–নতুন জটিল বেমাৰ–আজাৰৰ কবলত পৰিবলগীয়া হৈছে৷ তথাপি আজিকালি কেৱল বণিক গোষ্ঠীৰ প্রভাৱতে দেশৰ ৰাজনীতি–অর্থনীতিৰ চকৰি ঘূৰা বাবেই সাধাৰণ কৃষকক বা সাধাৰণ ৰাইজক নিত্য–নতুন আকর্ষণীয় বিজ্ঞাপনেৰে প্রলোভিত কৰি নিজৰ ব্যৱসায়িক স্বার্থ অক্ষুণ্ণ ৰাখিছে৷ এনে পৰিপ্রেক্ষিততে জনস্বার্থই গুৰুত্ব নোপোৱা হৈ পৰিছে৷ তেনেদৰে শীতল পানীয়ৰ বটলতো কীটনাশকৰ প্রাদুর্ভাৱ ঘটাৰ বাতৰি পঢ়িবলৈ পোৱাৰ দুর্ভাগ্য ঘটিছে৷ একেদৰে খাদ্য–সামগ্রীত ভেজাল হৈছে, আনকি ঔষধতো ভেজালে ছানি ধৰিছে যাতে বেমাৰ–আজাৰ হ’লেও মানুহৰ বাচিবৰ উপায় নাথাকে৷ এতেকে ন্যস্তস্বার্থৰ অন্ধতাই মানৱ জাতিলৈ আদৰি আনিছে অনেক বিভীষিকা৷ এচাম লোকে এনেদৰে ফুচুলাই ৰাখিছে সিংহভাগ লোকক যে তেওঁলোকে আচল সত্যটো অনুধাৱন কৰাৰ কোনো সুৰুঙাই নাপায়৷ সেয়ে বালিলৈ যিপাট সুগ্রীবলৈও সেইপাট হোৱাৰ লেখীয়া নিজৰ ব্যৱসায়িক বা আন বিভিন্ন স্বার্থত বৃহত্তৰ সমাজখনৰ ক্ষতি কৰি থকা সেই দুষৃকতিকাৰীসকলো যে এদিন ভুক্তভোগী হ’ব লাগিব সেই কথা জোঁৰ পুৰি হাতত নলগালৈকে তেওঁলোকে বুজিও নুবুজে৷ ক্রমে মানুহবোৰ হৈ পৰিছে আত্মকেন্দ্রিক আৰু বিশ্বয়িনী অর্থনীতিৰ এই ধামখুমীয়াত ভোগবাদী লালসাই এই আত্মকেন্দ্রিকতাত আৰু অধিক সাৰ–পানী যোগাইছে৷ ‘আনবোৰ মৰিলেও মৰক, কেৱল নিজৰ পেটটো ভৰক’ জাতীয় মানসিকতাই আজিৰ মানুহক হিতাহিত জ্ঞানশূন্য কৰি পেলাইছে৷ অৱশ্যে এইক্ষেত্রত আটাইকে সাঙুৰি পেলোৱাটো উচিত নহ’ব, কিন্তু সমাজৰ প্রভাৱশালী অংশটোৰ মানসিকতাই এই পর্যায় পোৱাৰ পিছত সমাজত অতি সহজতে বিৰূপ প্রভাৱ পৰাটো দৃষ্টিগোচৰ হয়৷ এই প্রভাৱশালী শ্রেণীটোৰ মাজত এক সচেতনতা সৃষ্টি কৰিব নোৱাৰিলে আগন্তুক বিপর্যয়ৰ পৰা বিশ্ববাসীক সকাহ দিয়াৰ প্রচেষ্টা সহজসাধ্য নহ’ব৷ পাৰিপার্শ্বিক বিপর্যয়ে যে কাকোৱেই ৰেহাই নিদিব তাক সমাজৰ সকলো শ্রেণীৰ লোকৰ মনত সুমুৱাই দিব পাৰিব লাগিব৷ সেয়েহে বিশ্বত প্রাণীকুলৰ অস্তিত্ব ৰক্ষাৰ বাবে এতিয়া প্রয়োজন এক বিৰাট জনজাগৰণৰ, সময় পিছে চমু চাপি আহি আছে৷

You might also like