অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে ১৮ মাৰ্চত চৰকাৰী দায়িত্বৰ পৰা স্বইচ্ছাই অব্যাহতি লয়।
উল্লেখ্য যে, চৰকাৰী সময়সীমা অনুসৰি চলিত মাৰ্চ মাহৰ ৩১ তাৰিখ তেওঁৰ কাৰ্যকালৰ অন্তিম দিন আছিল। কিন্তু ব্যক্তিগত এৰাব নোৱৰা অসুবিধাবশতঃ পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে চৰকাৰী কৰ্মৰাজিৰ পৰা অব্যাহতি লয় আৰু কাৰ্যালয়টোৰ প্ৰৱৰ্তক শাখাৰ জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসক দায়িত্বভাৰ অৰ্পণ কৰে।
ডিজিটেল ডেস্ক, ২০ মাৰ্চ