অসম বিধানসভাৰ ১২৬টা সমষ্টিত কংগ্রেছ–বিজেপি–গপ্, বিপিএফ, ইউপিপিএল আদিকে ধৰি সৰু–বৰ সকলো ৰাজনৈতিক দলৰ প্রক্ষেপিত প্রার্থী আৰু একাংশ নির্দলীয় প্রার্থীয়ে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে এঘড়ী যুঁজিবলৈ সাজু হৈছে৷
অহা ৯ এপ্রিলত অনুষ্ঠিত হ’বলগা বিধানসভা নির্বাচনৰ বাবে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিৰোধী দলপতি দেবব্রত শইকীয়া, পঞ্চদশ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ, মন্ত্রী প্রশান্ত ফুকন, অশোক সিংঘাল, অজন্তা নেওগ আদিকে দৰি বহুকেইগৰাকী হেভীৱেট প্রার্থীয়ে নিজৰ নিজৰ মনোনয়ন পত্র দাখিল কৰে৷
আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কার্যালয়ত বিশাল সমদল কৰি নিজৰ মনোনয়ন পত্র দাখিল কৰে৷ ইফালে, ঐতিহাসিক শিৱসাগৰত আজি চাৰিগৰাকী হেভীৱেট প্রার্থীয়ে নিজৰ নিজৰ মনোনয়ন পত্র দাখিল কৰে৷ শিৱসাগৰ জিলা আয়ুক্তৰ কার্যালয়ত আজি বিৰোধী দলপতি কংগ্রেছৰ নাজিৰাৰ প্রার্থী দেবব্রত শইকীয়া, ৰাইজৰ দলৰ সভাপতি শিৱসাগৰৰ প্রার্থী অখিল গগৈ, নাজিৰাৰ বিজেপিৰ প্রার্থী ময়ূৰ বৰগোহাঁই, অগপৰ শিৱসাগৰৰ প্রার্থী প্রদীপ হাজৰিকাই নিজৰ নিজৰ মনোনয়ন পত্র দাখিল কৰে৷
নাজিৰাৰ প্রার্থী দেবব্রত শইকীয়া আৰু শিৱসাগৰৰ ৰাইজৰ দলৰ প্রার্থী অখিল গগৈৰ মনোনয়ন পত্র দাখিলৰ সময়ত তেওঁলোকক সংগ দিয়ে প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে৷ শিৱসাগৰ জিলা আয়ুক্তৰ কার্যালয়ত মনোনয়ন পত্র দাখিল কৰা উল্লেখিত চাৰিওজন প্রার্থীয়ে শিৱসাগৰ নগৰৰ মাজেৰে বিশাল শোভাযাত্রাৰে আয়ুক্তৰ কার্যালয়ত উপস্থিত হৈ নিজ নিজ মনোনয়ন ৰিটার্নিং বিষয়াৰ হাতত প্রদান কৰে৷
অগপ–বিজেপি মিত্রজোটৰ প্রার্থী প্রদীপ হাজৰিকাই শিৱসাগৰ নগৰৰ বর্ডিং খেলপথাৰৰ পৰা, কংগ্রেছৰ সমর্থিত প্রার্থী ৰাইজৰ দলৰ অখিল গগৈয়ে নগৰৰৰ পিয়লি ফুকন ষ্টেডিয়ামৰ পৰা শোভাযাত্রা বাহিৰ কৰে৷ আনহাতে নাজিৰা বিধানসভা সমষ্টিৰ বাবে প্রতিদ্বন্দ্বিতা কৰা কংগ্রেছৰ প্রার্থী দেবব্রত শইকীয়াই শিৱসাগৰৰ ধাই আলিৰ পৰা বিশাল শোভাযাত্রাৰে জিলা আয়ুক্তৰ কার্যালয়ত উপস্থিত হৈ মনোনয়ন দাখিল কৰে৷
মনোনয়ন দাখিলৰ পূর্বে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কয় যে অগপ–বিজেপি মিত্রজোঁটৰ প্রার্থী প্রদীপ হাজৰিকা এগৰাকী জ্যেষ্ঠ ৰাজনীতিক৷ তেওঁৰ লগত ৰাজনৈতিক যুঁজ এখনত লিপ্ত হ’ম৷ ডিব্রুগড়ত আজি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে খোৱা সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল কৰে৷ সমষ্টিটোৰ হাজাৰ হাজাৰ সদস্য সমর্থকৰ লগত শোভাযাত্রা কৰি লুৰিণজ্যোতি গগৈয়ে মনোনয়ন দাখিল কৰে৷
আনহাতে, ডিব্রুগড় আয়ুক্তৰ কার্যালয়ত মনোনয়ন দাখিল কৰে ডিব্রুগড় সমষ্টিৰ বিজেপি প্রার্থী প্রশান্ত ফুকনেও৷ মনোনয়ন দাখিলৰ সময়ত তেওঁক সংগ দিয়ে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে৷ আজি শাসকীয় বিজেপিৰ কেইবাগৰাকী প্রার্থীয়ে নিজৰ নিজৰ মনোনয়ন পত্র দাখিল কৰে৷ মাজুলীত বিধায়ক ভুবন গামে দহ সহস্রাধিক সদস্য সমর্থক লৈ জিলা আয়ুক্তৰ কার্যালয়ত মনোনয়ন দাখিল কৰে৷
ঢেকীয়াজুলি সমষ্টিৰ বাবে আজি মনোনয়ন দাখিল কৰে বিজেপি প্রার্থী মন্ত্রী অশোক সিংঘালে৷ ঢেকীয়াজুলিৰ আৱাসগৃহৰ পৰা হাজাৰ হাজাৰ সমর্থকক লগত লৈ তেজপুৰ জিলা আয়ুক্তৰ কার্যালয়ত মনোনয়ন দাখিল কৰে প্রার্থীগৰাকীয়ে৷ ভগৱানৰ আশীর্বাদ, জনগণৰ আশিস, যুৱ শক্তিক লগত লৈ মনোনয়ন দাখিল কৰি ঢেকীয়াজুলিত বিজেপিয়ে আকৌ এবাৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ’ব বুলি দৃঢ় বিশ্বাসী প্রার্থী অশোক সিংঘাল৷
আজি মনোনয়ন দাখিল কৰে গোলাঘাটৰ বিজেপি প্রার্থী অজন্তা নেওগেও৷ আজি গোলাঘাটত জনতাৰ অভূতপূর্ব সহাৰিৰ মাজিত অজন্তা নেওগে গোলাঘাট সমষ্টিৰ এনডিএ প্রার্থীৰূপে সংহত জিলা আয়ুক্তৰ কার্যালয়ত মনোনয়ন পত্র দাখিল কৰে৷ মনোনয়ন দাখিলৰ সময়ত তেওঁৰ সৈতে সাংসদ কামাখ্যা প্রসাদ তাছা, জিলা বিজেপিৰ সভাপতি চন্দ্রজ্যোতি ঠাকুৰসহ বিজেপিৰ বহু শীর্ষ বিষয়ববীয়াই সংগ দিয়ে৷
আজি শদিয়াৰ বিজেপি প্রার্থী বলীন চেতিয়াইও মনোনয়ন পত্র দিয়ে৷ মনোনয়ন পত্র দিয়ে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনেও৷ নদুৱাৰ সমষ্টিৰ বিজেপি প্রার্থী পদ্ম হাজৰিকাও আজি মনোনয়ন পত্র দাখিল কৰে৷ আজি তেওঁ নাগশংকৰ মন্দিৰত মূৰ দোঁৱাই নিজৰ মনোনয়ন দাখিল কৰে৷ ভৱানীপুৰ–সৰভোগৰ্ মিত্র দলৰ প্রার্থী চিপিএমৰ প্রার্থী মনোৰঞ্জন তালুকদাৰ, তামুলপুৰচ বিজেপিৰ প্রার্থী বিশ্বজিৎ দৈমাৰী, ইউপিপিএলৰ প্রার্থী প্রমোদ বড়োৱেও আজি নিজৰ নিজৰ মনোনয়ন পত্র দাখিল কৰে৷
আনহাতে, যোৰহাটত মৰিয়নি সমষ্টিৰ প্রার্থী ড০ জ্ঞানশ্রী বৰাইও ৰাইজৰ দলৰ প্রার্থী মনোনয়ন পত্র দাখিল কৰে৷
ডিজিটেল ডেস্ক, ২০ মার্চ