ৰন্ধন গেছৰ বুকিঙৰ ক্ষেত্রত ৰাজ্যজুৰি ৰাইজে সন্মুখীন হৈ অহা সমস্যাৰ পৰিপ্রেক্ষিতত দুটাকৈ নতুন নম্বৰ মুকলি কৰিছে ভাৰতীয় তেল নিগমে৷ পূর্বে থকা বুকিং নম্বৰৰ বাদেও এতিয়াৰে পৰা ৰাইজে ৮৯২৭২২৫৬৬৭ আৰু ৮৩৯১৯৯০০৭০ এই নম্বৰ দুটাত মিছড্ কল দিয়েই ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং কৰিবলৈ সক্ষম হ’ব৷
উল্লেখ্য যে ইয়াৰ পূর্বে আইভিআৰএছত ৭৭১৮৯৫৫৫৫৫ নম্বৰত ৰাইজে গেছ বুকিং কৰাৰ লগতে ৭৫৮৮৮৮৮৮২৪ নম্বৰত হোৱাটছ এপযোগে বুকিং কৰাৰ সুবিধা আছিল৷ ইয়াৰ বাহিৰেও গ্রাহক প’র্টেল আৰু ইণ্ডিয়ান অইল ওৱান এপৰ মাধ্যমেৰেও ৰাইজে গেছ বুকিং কৰিব পাৰিছিল৷
কিন্তু ৰন্ধন গেছৰ নাটনিৰ আশংকাত ৰাইজে অতিৰিক্ত বুকিং কৰাৰ বাবে গোটেইকেইটা প্লেটর্ফম কিছু হেক হৈ পৰিছিল৷ শেহতীয়াকৈ নতুন নম্বৰ দুটা মুকলিৰ লগে লগে এই অচলাৱস্থাৰ কিছু হ’লেও শাম কাটিব বুলি ভাৰতীয় তেল নিগমে আশা কৰিছে৷
ডিজিটেল ডেস্ক, ২১ মার্চ