অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ উঠাৰ মাজতে মমতা বেনাৰ্জীৰ নেতৃত্বত অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ (TMC)-এ ৰাজ্যত নিজৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰিছে। শুকুৰবাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা এই তালিকাত মুঠ ১৭টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
টিএমচিয়ে কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী সমষ্টিৰ পৰা উদাংশ্ৰী নাৰ্জাৰী, ধুবুৰী বিলাসীপাৰাৰ পৰা মমিনুৰ ইছলাম, গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিৰ পৰা আৰিফ আখতাৰ আহমেদ আৰু বঙাইগাঁৱৰ অভয়াপুৰীৰ পৰা কৌশিক ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। লগতে বজালীৰ বজালী সমষ্টিৰ পৰা কল্যাণী কলিতাকো টিকট দিয়া হৈছে।
কামৰূপ জিলাৰ চমৰীয়া সমষ্টিত দুলু আহমেদ, বকো-ছয়গাঁও (ST) সমষ্টিত ভোগলাল ৰাভা, নলবাৰীৰ বৰক্ষেত্ৰীত আমিৰুল ইছলাম আৰু দৰঙৰ মঙলদৈ সমষ্টিত হৰেকৃষ্ণ ডেকাক টিএমচিয়ে প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনীত কৰিছে।
ইফালে গোৰেশ্বৰত ৰঞ্জন চৌহান আৰু পলাশবাৰীত বিকাশ নাথ যোগীক প্ৰাৰ্থিত্ব দিছে।
ইয়াৰ উপৰি ধেমাজিৰ ধেমাজি (ST) সমষ্টিত নৰেন্দ্ৰ কুমাৰ পাও, তিনিচুকীয়াৰ ডিগবৈত জিতেন নাগ আৰু মাকুমত দিলীপ মৰাণ, কাছাৰৰ উদাৰবন্দত তপস দাস, কাটিগৰাত ফজলুৰ ৰহমান লস্কৰ আৰু সোনাইত শাহজাহান লস্কৰকো প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে।
- বাওখুংগ্ৰীত উদাংশ্ৰী নাৰ্জাৰী
- বিলাসীপাৰাত মমিনুৰ ইছলাম
- জলেশ্বৰত আৰিফ আখতাৰ আহমেদ
- অভয়াপুৰীত কৌশিক ৰঞ্জন দাস
- বজালীত কল্যাণী কলিতা
- চমৰীয়াত দুলু আহমেদ
- বকো-ছয়গাঁও (ST)ত ভোগলাল ৰাভা
- বৰক্ষেত্ৰীত আমিৰুল ইছলাম
- মঙলদৈত হৰেকৃষ্ণ ডেকা
- গোৰেশ্বৰত ৰঞ্জন চৌহান
- পলাশবাৰীত বিকাশ নাথ যোগী
- ধেমাজি (ST)ত নৰেন্দ্ৰ কুমাৰ পাও
- ডিগবৈত জিতেন নাগ
- মাকুমত দিলীপ মৰাণ
- উদাৰবন্দত তপস দাস
- কাটিগৰাত ফজলুৰ ৰহমান লস্কৰ
- সোনাইত শাহজাহান লস্কৰ
এই প্ৰথমখন তালিকাৰ জৰিয়তে টিএমচিয়ে অসমৰ বিভিন্ন অঞ্চল—বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকা, বড়োলেণ্ড অঞ্চল আৰু বৰাক উপত্যকাত নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে। দলটোৱে স্পষ্টকৈ জনাইছে যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি (BJP) আৰু কংগ্ৰেছৰ বিকল্প হিচাপে তৃতীয় ৰাজনৈতিক শক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে।
ডিজিটেল ডেস্ক, ২১ মাৰ্চ