মূল্য কমিল টকাৰ, দাম বাঢ়িল প্রিমিয়াম পেট্র’লৰ
যোৱা তিনি সপ্তাহ ধৰি অব্যাহত আছে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতি৷ এই পৰিস্থিতিৰ প্রভাৱ পৰিছে সমগ্র বিশ্বত৷ বাদ পৰি ৰোৱা নাই ভাৰতৰ অর্থনীতিও৷ ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য হ্রাসে সর্বকালীন ৰেকর্ড গঢ়িছে৷
শুকুৰবাৰে সর্বাধিক পতন হয় ভাৰতীয় টকাৰ মূল্যৰ৷ ডলাৰৰ নিৰিখত টকাৰ মূল্য হ্রাস পাই হ’লগৈ ৯৩.২৪ টকা৷ যুদ্ধৰ ফলত বিশ্বৰ বজাৰত হোৰাহোৰে বৃদ্ধি পাইছে তেলৰ দাম৷ তাৰ ফলত চাপ বৃদ্ধি পাইছে ভাৰতীয় টকাৰ ওপৰত৷ প্রথমবাৰৰ বাবে ৯৩ৰ মাত্রা পাৰ হ’ল ভাৰতীয় টকাৰ মূল্যই৷
বিশেষজ্ঞসকলে দাবী কৰা মতে বিশ্বব্যাপী সংঘাতৰ পৰিস্থিতিত শক্তিশালী ডলাৰৰ ওপৰতেই আস্থা ৰাখিবলৈ বিচাৰিছে বিনিয়োগকাৰীসকলে৷ যোৱা ৪ মার্চত প্রথমবাৰৰ বাবে মধ্যপ্রাচ্যৰ যুদ্ধৰ প্রভাৱত টকাৰ দাম ৭০ পইচা বৃদ্ধি পাই ৯২ৰ মাত্রা পাইছিলগৈ৷ তেতিয়া ডলাৰৰ নিৰিখত টকাৰ মূল্য হৈছিলগৈ ৯২.১৭ টকা৷
মাত্র ৫ দিনৰ ভিতৰতে পুনৰ হ্রাস পাই টকাৰ মূল্য৷ এইবাৰ টকাৰ মূল্য হয়গৈ ৯২.৩০ টকা৷ যুদ্ধ অব্যাহত থাকিলে টকাৰ মূল্য হ্রাস হোৱাৰ এই প্রৱণতা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছিল৷ সেই আশংকাকে সত্য প্রমাণ কৰি শুকুৰবাৰে পুৱাৰ ভাগতে টকাৰ মূল্যৰ এই বৃহৎ স্খলন ঘটে৷
শুকুৰবাৰে আন্তঃৰাষ্ট্রীয় বজাৰত তেলৰ দাম প্রতি বেৰেলত ১০০ ডলাৰ পায়গৈ৷ তাৰ ফলত তেল আমদানি কৰাৰ ক্ষেত্রত ভাৰতৰ কোষাগাৰৰ ওপৰত চাপ বৃদ্ধি পায়৷ তাৰ পৰাই হ্রাস পায় টকাৰ মূল্য৷ বিশ্লেষকসকলে আশংকা প্রকাশ কৰিছে যে যুদ্ধৰ ফলত তেলৰ দাম প্রতি বেৰেলত ১২০ ডলাৰ হ’লে টকাৰ মূল্যৰ ওপৰত আৰু অধিক প্রভাৱ পৰিব৷
প্রতি ১ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য পাবগৈ ৯৪ টকা৷ যদিও শুকুৰবাৰে ভাৰতৰ শ্বেয়াৰ বজাৰত কিছু উত্থান দেখিবলৈ পোৱা গৈছে তাৰ বিপৰীতে টকাৰ মূল্য একেৰাহে পতন হৈ থকাটোৱে উৎকণ্ঠা বৃদ্ধি কৰিছে৷ পশ্চিম এছিয়াত যোৱা তিনি সপ্তাহ ধৰি চলি থকা যুদ্ধৰ প্রভাৱ সমগ্র বিশ্বতে দেখিবলৈ পোৱা গ’লেও ভাৰতৰ বজাৰত পেট্র’ল–ডিজেলৰ দাম নিয়ন্ত্রণতেই আছিল৷
কিন্তু শেহতীয়াকৈ দেশজুৰি প্রিমিয়াম পেট্র’লৰ দাম বঢ়াই দিবলৈ বাধ্য হ’ল কেন্দ্রীয় চৰকাৰ৷ ৰাষ্ট্রীয়কৃত সংস্থা হিন্দুস্তান পেট্র’লিয়াম কর্প’ৰেচন লিমিটেডে (এইচপিচিএল) প্রতি লিটাৰ প্রিমিয়াম পেট্র’লৰ দাম দুটকাকৈ বৃদ্ধি কৰিছে৷ অৱশ্যে এই আকস্মিক বৃদ্ধিৰ কোনো নির্দিষ্ট কাৰণ জনোৱা হোৱা নাই৷
সাধাৰণ পেট্র’লৰ দামত কোনো পৰিৱর্তন কৰা হোৱা নাই৷ এইচপিচিএলে জনোৱা মতে অপৰিশোধিত তেলৰ যোগানত কোনো ঘাটি হোৱা নাই৷ উদ্যোগ ক্ষেত্রত ব্যৱহৃত ডিজেলৰ দাম বাঢ়িছে প্রতিলিটাৰৰ ২২ টকাকৈ৷ পশ্চিম এছিয়াৰ যুদ্ধৰ কাৰণে আন্তঃৰাষ্ট্রীয় বজাৰত তেলৰ দাম বৃদ্ধি পাই প্রতি বেৰেলত ১১০ ডলাৰ (প্রায় ১০ হাজাৰ টকা) পাইছিলগৈ৷ শুকুৰবাৰে সেই দাম কিছু কমি ১০৫ ডলাৰ হয়গৈ৷ কিন্তু তেলক লৈ উৎকণ্ঠা কমা নাই৷
ডিজিটেল ডেস্ক, ২১ মার্চ