আজি পৱিত্ৰ ঈদ-উল-ফিটৰ। ৰাজ্যৰ আন প্ৰান্তৰ দৰে ধুবুৰীতো পৱিত্ৰ ঈদ-উল-ফিটৰ উলহ-মালহেৰে পালন কৰা হয়। দেশজুৰি পৱিত্ৰ ৰমজান মাহৰ অন্তত আজি পালন কৰা হৈছে পৱিত্ৰ ঈদ-উল-ফিটৰ।
পুৱা বিশেষ নামাজৰ জৰিয়তে আৰম্ভ হয় উৎসৱৰ আনন্দময় দিনটো। ধুবুৰীতো চহৰখনৰ ১১ নং ৱাৰ্ডস্থিত ঈদগাহ ময়দানত প্ৰায় ১০ হাজাৰ ইছলামধৰ্মী লোকে একত্ৰিত হৈ নামাজ আদায় কৰে। ঈদৰ সমূহীয়া এই নামাজত ধুবুৰীৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বহু লোকে অংশগ্ৰহণ কৰা দেখা যায়।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২১ মাৰ্চ :