আজি নগাঁও জিলাত ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি উলহ-মালহেৰে ঈদ-উল-ফিটৰ উদযাপন কৰে। আজি পবিত্ৰ ঈদ উপলক্ষে জিলাখনৰ বিভিন্ন মছজিদ, ঈদগাহত হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ কৰি ঈদৰ নামাজ আদায় কৰে। নগাঁও চহৰৰ বিখ্যাত টাউন আঞ্জুমানে ঈদগাহত চহৰখনৰ বিভিন্ন প্ৰান্তৰ কেইবা হাজাৰ লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰি বিশ্বশান্তি আৰু সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা জনায়। এই সমূহীয়া নামাজত অংশগ্ৰহণ কৰি ধুবুৰীৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সকলোকে ঈদ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলোকে শান্তি-সম্প্ৰীতি ৰাখি সমাজত ভাতৃত্ববোধৰ এনাজৰী আৰু অধিক সুদৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰে।
জিলাখনৰ দাৰুল হদিছ পৰমাইভেটি ইছলামীয়া মাদ্ৰাছাত মাদ্ৰাছা, এৰাবাৰী আঞ্চলিক ঈদগাহ, আলিটাঙনী আঞ্চলিক ঈদগাহ, কদমনি টাইটেল মাদ্ৰাছা, মৈৰাবাৰী শ্বাহী ঈদগাহ ময়দান, মৈৰাবাৰী গাৰে হেৰা জামে মছজিদ, হয়বৰগাঁও, ভূঞাপট্টি, আমিনপট্টি,
নগাঁও জিলাৰ ৰূপহীহাট থানাৰ অন্তৰ্গত প্ৰায় শতিকা পুৰণি কাঠপাৰা আঞ্চলিক ঈদগাহ ময়দানত কাঠপাৰাৰ লগতে নিকটৱৰ্তী পূব লৰীৰমুখ, পূব লাইলুৰী আৰু ভাটিয়াখালী গাঁৱৰ লোকসকলে ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰে।