২২ মাৰ্চৰ পৰা তিনিদিনীয়া কার্যসূচীৰে সীমান্ত ক্রীড়া মহোৎসৱ
ডিজিটেল ডেস্ক, ২১ মার্চ : সীমান্ত চেতনা মঞ্চ পূর্বোত্তৰ, অসম ৰাজ্যিক সমিতিৰ উদ্যোগত ২২–২৪ মার্চলৈ তিনিদিনীয়া কার্যসূচীৰে গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হ’ব সীমান্ত ক্রীড়া মহোৎসৱ৷ অসম–বালাংদেশ আৰু অসম–ভূটান সীমান্তৰ মুঠ ১০খন জিলাৰ সীমান্ত অঞ্চলৰ পাঁচ শতাধিক খেলুৱৈয়ে ক্রীড়া মহোৎসৱত অংশগ্রহণ কৰিব৷
গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে সীমান্ত ক্রীড়া মহোৎসৱৰ অভ্যর্থনা সমিতিৰ সভাপতি অৱসৰপ্রাপ্ত ভাইচ এয়াৰ মার্চেল সঞ্জীৱ বৰদলৈ, সাধাৰণ সম্পাদক বিশ্বৰূপ নাথ, মুখ্য পৃষ্ঠপোষক অৱসৰপ্রাপ্ত আইপিএছ বিষয়া প্রদীপ কুমাৰ, সীমান্ত চেতনা মঞ্চৰ সাধাৰণ সম্পাদিকা ড০ বিনীতা ভাগৱতী আৰু সীমান্ত চেতনা মঞ্চৰ ৰাজ্যিক সভাপতি বাবলু কুমাৰ ৰয়ে৷
ক্রীড়া মহোৎসৱখন ১৪–২০ বছৰ বয়সৰ খেলুৱৈৰ মাজত ছাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত অনুষ্ঠিত হ’ব৷ ২৩ মার্চত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰকার্যবাহ দত্তাত্রেয়জী হোসাৱাল, এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ অধ্যক্ষ বাহাদুৰ সিং চাহু, অৰুণাচলৰ ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রী কেণ্ট জিনি, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্রৰ প্রচাৰক বশিষ্ঠ বুজৰবৰুৱা, নেডফিৰ মুখ্য পৰিচালন সঞ্চালক, পিভিএছএলএন মূর্তি, অসমৰ ক্রীড়া বিভাগৰ সঞ্চালক অংকুৰ বৰদলৈ অনুষ্ঠানত উপস্থিত থাকিব৷