নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতসহ বহু দেশত ইন্ধনৰ তীব্র নাটনিৰ আশংকা

ডিজিটেল ডেস্ক, ২২ মার্চ : ইৰানৰ ওপৰত মার্কিন যুক্তৰাষ্ট্র আৰু ইজৰাইলে যুটীয়াভাৱে চলোৱা যুদ্ধখনৰ চাওঁতে চাওঁতে তিনিটা সপ্তাহ পাৰ হ’বৰে হ’ল৷ এই যুদ্ধত হোৱা পৰম্পৰাগত আক্রমণৰ ফলত বিভিন্ন দেশত সামৰিক সংঘাতৰ সৃষ্টি হ’লেও ইন্ধনৰ সংকটে এতিয়া সমগ্র বিশ্বকে জলাকলা খুৱাইছে৷ ইৰানে বন্ধ কৰি দিছে হৰমুজ প্রণালী৷ ফলত সেই সমুদ্র পথেৰে ইন্ধনৰ সৰবৰাহ প্রায় বন্ধ হৈ গৈছে৷ তাৰ মাজতে পশ্চিম এছিয়াৰ তেলৰ ভাণ্ডাৰসমূহত আক্রমণ চলাইছে ইৰানে৷ ইয়াৰ মূল লক্ষ্য সমগ্র বিশ্বকে ইন্ধনৰ সংকটত পেলাই আন এখন সমান্তৰাল যুদ্ধ চলোৱা৷

ইয়াৰ মাজতে বিয়পি পৰিছে আন এক নতুন আতংক৷ বিশ্বৰ এক বৃহৎ অংশত ইণ্টাৰনেট সেৱা সম্পূর্ণ বন্ধ কৰি দিব পাৰে তেহৰানে৷ কাৰণ হৰমুজ প্রণালীৰ তলেৰে পাৰ হৈ গৈছে ইণ্টাৰনেট সংযোগৰ প্রধান কেবল ৷ সমৰ বিশেষজ্ঞসকলৰ ধাৰণা মতে, আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্রমণত প্রায় বিপর্যস্ত হৈ পৰা ইৰানে হৰমুজৰ তলিৰে যোৱা ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰি দিব পাৰে৷ ইৰানে এনে পদক্ষেপ গ্রহণ কৰিলে মুহূর্তৰ ভিতৰতে ভাঙি পৰিব ভাৰতসহ বিশ্বৰ অসংখ্য দেশৰ চৰকাৰী–বেচৰকাৰী ব্যৱস্থাপনা৷ হৰমুজ প্রণালীৰ তলিৰে যিদৰে ইণ্টাৰনেট কেবল গৈছে তেনেদৰে আন এটা প্রণালীৰ বাব এল–মাণ্ডেবৰ তলেৰে গৈছে ইণ্টাৰনেট সংযোগ৷

আশংকাৰ কথাটো হ’ল যে ইৰানৰ সাহায্যপুষ্ট লেবাননৰ সন্ত্রাসবাদী সংগঠন হুথিয়ে সাৱধানবাণী শুনাইছে যে লোহিত সাগৰৰ প্রণালী বাব এল–মাণ্ডেবত আক্রমণ চলাই অৱৰুদ্ধ কৰি দিব তেওঁলোকে৷ সভ্যতাৰ ধমনীস্বৰূপ এই দুই প্রণালী বন্ধ হৈ পৰিলে তীব্র ইন্ধনৰ নাটনি হ’ব সমগ্র বিশ্বতে৷ তদুপৰি ইণ্টাৰনেট সংযোগ হৈ পৰিব বিচ্ছিন্ন৷ ফলত বাস্তৱিকতে সৃষ্টি হ’ব সভ্যতাৰ সংকট৷ সামৰিক বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে ইচ্ছাকৃতভাৱে ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰা নহ’লেও মিছাইল আক্রমণৰ ফলত দুর্ঘটনাবশতঃ ক্ষতিগ্রস্ত হ’ব পাৰে সমুদ্র গর্ভত স্থাপন কৰা কেবল লাইন৷

বিশ্বজোৰা টেলিকম, ডাটা চেণ্টাৰ আৰু ডিজিটেল কাঠামো উদ্যোগৰ সংবাদ সংক্রান্তীয় ৱেবছাইট কেপাচিটী গ্ল’বেলে জনোৱা মতে, লোহিত সাগৰৰ মাজেদি ১৭টা ছাবমেৰিন কেবল গৈছে৷ এই কেবলসমূহে ইউৰোপ, এছিয়া আৰু আফ্রিকাত সংযোগ কৰা ইণ্টাৰনেট ট্রেফিকৰ সিংহভাগ বহন কৰি থাকে৷ এতেকে ইয়াৰ গুৰুত্ব যে অপৰিসীম তাক কোৱাৰ প্রয়োজন নাই৷

উল্লেখ্য যে পাৰস্য উপসাগৰৰ সক্রিয় ভূ–গর্ভস্থ কেবলসমূহ হ’ল এএই–১, ফেলকল, গালফ ব্রিজ ইণ্টাৰনেচনেল কেবল ছিষ্টেম আৰু টাটা–টিজিএন গাল্ফ৷ এই লাইনসমূহে ভাৰতৰ সৈতে বাকী বিশ্বৰ ডাটাৰ আদান–প্রদান কৰে৷ ফলত হৰমুজ আৰু বাব এল–মাণ্ডেবৰ তলেৰে পাৰ হোৱা কেবল ক্ষতিগ্রস্ত হ’লে ভাৰতৰ লগতে থমকি ৰ’ব সমগ্র বিশ্ব৷

You might also like