নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা তিনিচুকীয়াৰ জাগুনত আৰক্ষীৰ কমাণ্ডো শিবিৰত ভয়াৱহ এম্বুচ, ৪ জোৱান আহত

তিনিচুকীয়া জিলাৰ জাগুনত এক ভয়াৱহ উগ্ৰপন্থী কাৰ্যকলাপ সংঘটিত হৈছে। জাগুনৰ ১০ মাইলস্থিত অসম আৰক্ষীৰ কমাণ্ডো শিবিৰক লক্ষ্য কৰি দুৰ্বৃত্তই চলোৱা এই অতৰ্কিত এম্বুচে সমগ্ৰ উজনি অসমত তীব্ৰ নিৰাপত্তাজনিত উদ্বেগৰ সৃষ্টি কৰিছে। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সংঘটিত এই ঘটনাই এতিয়া সৰ্বত্ৰে তীব্ৰ চাঞ্চল্য বিৰাজ কৰাইছে।

প্ৰাপ্ত তথ্য অনুসৰি, আজি পুৱতি নিশা প্ৰায় ২ বজাত উগ্ৰপন্থীৰ এটা দলে কমাণ্ডো শিবিৰটোক লক্ষ্য কৰি অতৰ্কিতে ৫টাকৈ গ্ৰেনেড আৰু আৰপিজি (RPG) নিক্ষেপ কৰে। বিস্ফোৰণৰ শব্দই সমগ্ৰ অঞ্চলটো কঁপাই তোলাৰ লগে লগে শিবিৰত থকা কমাণ্ডো জোৱানসকলে সাহসিকতাৰে প্ৰত্যুত্তৰ দিয়ে। দুই পক্ষৰ মাজত প্ৰায় আধা ঘণ্টা ধৰি চলা তুমুল সংঘৰ্ষ আৰু ধাৰাসাৰ গুলীবৰ্ষণত অঞ্চলটো ৰণক্ষেত্ৰত পৰিণত হয়।

উক্ত সংঘৰ্ষত অসম আৰক্ষীৰ ৪গৰাকী কমাণ্ডো জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত জোৱানকেইগৰাকী হ’ল চিত্ৰৰঞ্জন মিলি (যোৰহাট), দেৱাশিস বৰা (যোৰহাট), ৰবি গড় (চাবুৱা), জমবুচ মাৰাক (গোৱালপাৰা)। এক সূত্ৰৰ খবৰ অনুসৰি, আহত জোৱানসকলৰ ভিতৰত এজনৰ অৱস্থা অত্যন্ত সংকটজনক। তেওঁলোকক বৰ্তমান উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

এই ঘটনাত আলফা (স্বাঃ) জড়িত থকাৰ সন্দেহ প্ৰকাশ পাইছে যদিও আক্ৰমণকাৰীৰ পৰিচয় এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা নাই। তথাপি এই ঘটনাৰ আঁৰত নিষিদ্ধঘোষিত সংগঠন আলফা (স্বাধীন) জড়িত থকাৰ প্ৰবল সন্দেহ কৰা হৈছে। নিৰ্বাচনৰ ঠিক আগে আগে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি লোৱা এই কাৰ্যই এক সুপৰিকল্পিত ষড়যন্ত্ৰৰ কথা আঙুলিয়াই দিছে। সীমান্তৱৰ্তী ঘন অৰণ্যৰ সুযোগ লৈ উগ্ৰপন্থীৰ দলটোৱে এই কূটাঘাতমূলক কাৰ্য সংঘটিত কৰি পলায়ন কৰাৰ সম্ভাৱনা আছে।

ঘটনাৰ পাছতেই সমগ্ৰ জাগুন আৰু ইয়াৰ সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত বৰ্তমানো উক্ত অঞ্চলত বৃহৎ তালাচী অভিযান অব্যাহত আছে।

নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ২২ মাৰ্চ :

You might also like