যুদ্ধৰ অস্থিৰতাৰ মাজতো মধ্যবিত্তৰ মুখত হাহি বিৰিঙাব পৰা খবৰ৷ যোৱা কেইবাসপ্তাহো ধৰি অভিলেখ উচ্চতাত থকাৰ পিছত হঠাতে বৃহৎ স্খলন ঘটিল সোণৰ দামত৷ একে সময়তে হ্রাস পালে ৰূপৰ দামো৷ সোমবাৰে সপ্তাহটোৰ আৰম্ভণিতে এই দাম সংশোধনে সাধাৰণ ক্রেতা তথা বিনিয়োগকাৰীৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিছে৷
কিন্তু সাম্প্রতিক সময়ত যিসকলে সোণত বিনিয়োগ কৰিছে তেওঁলোকৰ বাবে এই স্খলন অত্যন্ত উদ্বেগৰ বিষয়৷ সোমবাৰে বজাৰৰ প্রতিবেদন অনুযায়ী আন্তঃৰাষ্ট্রীয় বজাৰত এমচিএক্সত ৰূপৰ দাম ৬ শতাংশ বা ১৩৬০৬ টকা হ্রাস পায় প্রতি কেজিৰ দাম হয়গৈ ২,১৩,১৬৬ টকা৷
আনহাতে, এমচিএক্সত সোণৰ দাম ৫ শতাংশ বা ৭,১১৫ টকা কমি প্রতি ১০ গ্রামত ১,৩৭,৩৭৭ টকালৈ হ্রাস পায়৷ ভাৰতৰ নিকটৱর্তী ছিংগাপুৰৰ বজাৰত সোণৰ দাম ৩.৩ শতাংশ কমি প্রতি আউন্সত ৪,৩৪৩ ডলাৰলৈ নামিছে৷ ৰূপৰ দামো ৩.৪ শতাংশ কমি ৬৫.৬১ ডলাৰ পাইছেগৈ৷
দাম কমিছে প্লেটিনাম আৰু পেলেডিয়ামৰ দৰে মূল্যবান ধাতুৰো৷ বিশেষজ্ঞসকলৰ মতে দাবী কৰা মতে হালধীয়া ধাতুৰ এই পতনৰ আৰত আছে ক্রমবর্দ্ধমান মুদ্রাস্ফীতি তথা আন্তঃৰাষ্ট্রীয় বজাৰৰ অস্থিৰতা৷ মধ্যপ্রাচ্যৰ সংঘাতৰ ফলত অপৰিশোধিত তেলৰ দাম ব্যাপক বৃদ্ধি পাইছে৷
ইয়াৰ ফলত বিশ্বৰ মুদ্রাস্ফীতিৰ হাৰ অধিক বৃদ্ধি পাইছে৷ এনে অৱস্থাত শীর্ষ বেংকসমূহত সুদৰ হাৰ বঢ়াৰ সম্ভাৱনা আছে, যিটো সোণৰ দামৰ বাবে নেতিবাচক৷ কাৰণ সোণত কোনেও সুদ নিদিয়ে৷ তদুপৰি আশংকাৰ বজাৰত সোণ বিক্রীৰ পৰিমাণ ব্যাপক বৃদ্ধি পাইছে৷ কাৰণ শ্বেয়াৰ বজাৰত একেৰাহে পতন ঘটা দেখিবলৈ পোৱা গৈছে৷
সাধাৰণতে বিনিয়োগকাৰীসকলে শ্বেয়াৰ বজাৰসহ অন্যান্য ক্ষেত্রত লোকচানৰ সন্মুখীন হ’লে সেই ক্ষতি সোণ বিক্রী কৰি পুৰণ কৰে৷ ২৮ ফেব্রুৱাৰীত ইৰাণ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা এই প্রৱণতা দেখিবলৈ পোৱা গৈছে৷ ইয়াৰ লগতে ইৰান, ইজৰাইল আৰু আমেৰিকাৰ মাজৰ ক্রমবর্দ্ধমান উত্তেজনাই বজাৰৰ উদ্বেগ আৰু অধিক বৃদ্ধি কৰিছে৷ এই সংঘাতে বিশ্ব বজাৰত অনিশ্চয়তা বৃদ্ধি কৰিছে, যিয়ে স্পষ্টভাৱে সোণৰ দামক প্রভাৱিত কৰিছে৷
ডিজিটেল ডেস্ক, ২৩ মাৰ্চ