নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত মুখ্যমন্ত্রীৰ জন আশীর্বাদ যাত্রা

জনতাৰ কাষত পুনৰ থিয় দিলে জননেতা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি জালুকবাৰী সমষ্টিত বিশাল জন আশীর্বাদ যাত্রাত অংশগ্রহণ কৰি সমষ্টিবাসীৰ আশীর্বাদ বিচাৰিলে মুখ্যমন্ত্রীগৰাকীয়ে৷ বিধানসভা নির্বাচনৰ প্রচাৰত নমাৰ পূর্বে সমষ্টিবাসীৰ আশীর্বাদ ল’বলৈ আৰম্ভ কৰা দ্বিতীয় পর্যায়ৰ জন আশীর্বাদ যাত্রাৰ অংশস্বৰূপে আদাবাৰীৰ অটল উদ্যানৰ পৰা ওলোৱা মুখ্যমন্ত্রীৰ বিশাল ৰেলীত অংশ ল’বলৈ আজি জালুকবাৰী সমষ্টিৰ পৰা হিলদ’ল ভাঙি ওলাই আহিল ৰাইজ৷

মুখ্যমন্ত্রীক আশীর্বাদ দিবলৈ জন আশীর্বাদ যাত্রাৰ সংগী হ’ল কেইবা সহস্রাধিক ভোটাৰ ৰাইজ৷ প্রবল বৰষুণক নেওচি সহস্রাধিক জনতাৰ লগত আগবঢ়া মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– জালুকবাৰীৰ প্রতিটো পৰিয়ালে মোক ঘৰৰ ল’ৰাৰ দৰেই মৰম কৰে৷ আজি জালুকবাৰীৰ সকলো পৰিয়াল ওলাই আহিছে আশীর্বাদ দিবলৈ৷

সকলোৱে মোক মনৰ পৰা আশীর্বাদ দিবলৈ আমাৰ লগত খোজ দিছে৷ উল্লেখ্য যে কাইলৈৰ পৰা মুখ্যমন্ত্রীয়ে সমগ্র ৰাজ্যজুৰি আৰম্ভ কৰিব নির্বাচনী প্রচাৰ অভিযান৷ ইয়াৰ পূর্বে আজি নিজ সমষ্টিত দ্বিতীয় পর্যায়ৰ জন আশীর্বাদ যাত্রাত অংশগ্রহণ কৰে মুখ্যমন্ত্রীয়ে৷ বিশাল ৰেলীৰে আগবঢ়া এই জন আশীর্বাদ যাত্রাই সামৰি লয় পাণ্ডু, মালিগাঁৱৰ লগতে জালুকবাৰীৰ সমষ্টিৰ বিশাল অঞ্চল৷

লক্ষণীয়ভাৱে মুখ্যমন্ত্রীৰ সমদল আগবাঢ়ি থকাৰ মাজতে প্রবল বৰষুণৰ সন্মুখীন হয় মুখ্যমন্ত্রী আৰু সমর্থকসকল৷ ইয়াৰ মাজতে সমর্থকে মুখ্যমন্ত্রীলৈ বৰষুণৰ পৰা ৰক্ষা পাবলৈ ছাতি এটা আগবঢ়াই দিয়ে যদিও মুখ্যমন্ত্রীয়ে ৰাইজক বৰষুণৰ মাজত ৰাখি নিজে ছাতি ল’বলৈ অস্বীকাৰ কৰে৷

বিশাল সমদলৰ মাজতে মুখ্যমন্ত্রীয়ে কয়– সমগ্র অসমতে ৰাইজে এইবাৰ বিজেপি চৰকাৰ আনিবলৈ সংকল্প লৈছে৷ প্রতিখন সভাতে ৰাইজে আমাক মৰমেৰে আকোৱালি লৈছে৷ উল্লেখ্য যে জালুকবাৰী সমষ্টিৰ অটল উদ্যানৰ পৰা আৰম্ভ কৰা এই জন আশীর্বাদ যাত্রাত জনসাধাৰণে মুখ্যমন্ত্রীক শৰাই–গামোচা আদিৰে শুভেচ্ছা জ্ঞাপন কৰে৷

আদাবাৰী তিনিআলি, পাণ্ডু বন্দৰ পথ, পাণ্ডু বৰবজাৰ, মালিগাঁও চাৰিআলি, ৰে’লৱে হস্পিতাল হৈ গোটানগৰৰ বাসন্তী পূজা মণ্ডপলৈ নিশালৈ চলা জন আশীর্বাদ যাত্রাত পথৰ দুয়োকাষে সমবেত অগণন জনতাই মুখ্যমন্ত্রীক আদৰণি জনাই বিজেপিৰ প্রতি আস্থা আৰু বিশ্বাস প্রকাশ কৰে৷ শিশুৰ পৰা বৃদ্ধলৈ স্বতঃস্ফূর্তভাৱে ওলাই অহা পাৰ ভঙা জনতাৰ উপস্থিতিয়ে আজি জালুকবাৰী সমষ্টিত এক নজিৰ সৃষ্টি কৰে৷

ডিজিটেল ডেস্ক, ২৩ মার্চ

You might also like