আজি ২৪ মার্চ, চ’ত মাহৰ ৯ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা ষষ্ঠী, নক্ষত্র : ৰোহিণী, যাত্রা : মধ্যম
মেঘ : আজি কর্মক্ষেত্রত জটিলতা পাব৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শৰীৰ অশুভ৷ ভ্রমণত বাধা৷ বিদ্যাত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫৷
বৃষ : আজি ৰাজহুৱা কর্মত থকাসকলৰ সহানুভূতি লাভ৷ শৰীৰ কিছু উন্নত৷ দুই–এটা কামত বাধা পাব৷ প্রেমত আনন্দ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷
মিথুন : আজি কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ বিদ্যাত শুভ৷ ব্যৱসায়-বাণিজ্যত সফলতা লাভ৷ শুভ ৰং কমলা, শুভ সংখ্যা ১৷
কর্কট : আজি চাকৰিয়াল ব্যক্তিসকলৰ শুভ৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ দাম্পত্যত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷
সিংহ : আজি সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ যোগ৷ উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ৷ ভ্রমণত কষ্ট ৷ ব্যৱসায়ত লাভ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷
কন্যা : আজি আর্থিক দিশত অর্থপ্রাপ্তিৰ সম্ভাৱনা৷ প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীসকলৰ সাফল্য লাভ৷ বন্ধুবর্গৰ পৰা দূৰত্ব বজাই ৰাখিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
তুলা : আজি উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ৷ শৰীৰ শুভ৷ হেৰুওৱা সম্পদ পুনঃপ্রাপ্তিৰ যোগ৷ সন্তানৰ প্রতি চিন্তা৷ প্রেমত বাধা৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
বৃশ্চিক : আজি পুৰণা মামলা–মোকর্দমাৰ নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ প্রেমত উৎসাহ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৯৷
ধনু : আজি পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
মকৰ : আজি নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা হ’ব পাৰে৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভৰ যোগ৷ পত্নীৰ লগত মতবিৰোধ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ২৷
কুম্ভ : আজি গুৰুজনা ব্যক্তিক অৱজ্ঞা নকৰিব৷ সম্পত্তি ক্রয়ৰ যোগ৷ আর্থিক দিশত অসুবিধা পাব পাৰে৷ চলা–ফুৰাত সতর্ক থাকিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭৷
মীন : আজি ধন লাভৰ যোগ৷ কর্মসূত্রে ভ্রমণৰ যোগ৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ১৷