নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ইছ্যুবিহীন নির্বাচন

অহা ৯ এপ্রিলত অনুষ্ঠিত হ’ব লগা অসম বিধানসভা নির্বাচনৰ বতাহ ৰাজ্যজুৰি বলিছে৷ সোমবাৰে মনোনয়ন দাখিল প্রক্রিয়া শেষ হোৱাৰ লগে লগে নিজ নিজ সমষ্টিত প্রচাৰ অভিযানত নামিছে প্রার্থীসকল ৷ একেৰাহে তৃতীয়বাৰৰ বাবে দিছপুৰৰ ক্ষমতা সুৰক্ষিত কৰিবলৈ বিজেপিয়ে অগপ আৰু বিপিএফৰ স’তে নির্বাচনী মিত্রতা গঢ়ি তুলিছে৷ প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলে বিজেপি নেতৃত্বাধীন এনডিএৰ স’তে প্রত্যক্ষভাৱে নির্বাচনী মিত্রতা নহ’লেও এনডিএৰ অংশীদাৰ হৈয়ে আছে৷ ৰাজ্যসভালৈ শেহতীয়াকৈ এনডিএৰ প্রার্থীৰূপে নির্বাচিত হৈছে প্রমোদ বড়ো৷ বিটিচিৰ অন্তর্গত ১৫টা সমষ্টিতে ইউপিপিএলে প্রার্থিত্ব থিয় কৰাইছে৷ বিটিচিত ইউপিপিএলৰ মুখ্য ৰাজনৈতিক প্রতিদ্বন্দ্বী হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ৷ বিপিএফে বিটিচিৰ ১১টা সমষ্টিতে দলীয় প্রার্থীক যুঁজত নমাইছে৷ বিটিচিৰ অন্তর্গত সমষ্টিকেইটাত বিপিএফ অথবা ইউপিপিএল যিকেইগৰাকী প্রার্থী জয়ী হ’ব আটাইকেইজনে এনডিএৰ অংশীদাৰ হ’ব৷ অগপই ২৬খন আসনত এনডিএৰ অংশদাৰী দলৰূপে প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিছে৷ যোৱা বিধানসভা নির্বাচনত ৯খন আসন লাভ কৰা অগপই এইবাৰ অধিক আসনত জয়লাভ কৰাৰ আশা আছে৷ বিগত দুটা বিধানসভা নির্বাচনত ধাৰাবাহিক বিপর্যয়ৰ সন্মুখীন হোৱা কংগ্রেছ দলেও এইবাৰ কেইবাটাও ৰাজনৈতিক দলৰ স’তে নির্বাচনী মিত্রতা গঢ়ি তুলিছে৷ কংগ্রেছ নেতৃত্বাধীন জোঁটবন্ধনৰ অংশীদাৰ হৈছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল, লুৰিণজ্যোতি নেতৃত্বাধীন অসম জাতীয় পৰিষদ, জন ইংতি কাথাৰ নেতৃত্বাধীন অল পার্টী হিল লীডার্ছ কনফাৰেঞ্চ (এপিএইচএলচি), চিপিএম, চিপিআই আৰু চিপিআই (এমএল) দল৷ যোৱা বিধানসভা নির্বাচনত কংগ্রেছৰ ২৯গৰাকী প্রার্থী জয়ী হৈছিল যদিও মূৰকত দলটোৰ ২১জন বিধায়কহে আছে৷ কংগ্রেছৰ স’তে মিত্রতা কৰা ৰাইজৰ দল আৰু চিপিএমৰ এজনকৈ বিধায়ক আছে যদিও অসম জাতীয় পৰিষদ, চিপিএম, চিপিআই, চিপিআই(এমএল) আৰু এপিএইচএলচিৰ এজনো বিধায়ক নাই৷ যোৱা বিধানসভা নির্বাচনত মুখ থেকেচা খোৱা অসম জাতীয় পৰিষদক কংগ্রেছে ১২খন আসন এৰি দিছে৷ একেদৰে ৰাইজৰ দলক ১১খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ দিছে৷ কিন্তু ৰাজ্যৰ ৰাজনীতিৰ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সাংগঠনিক ভেটি এতিয়াও সীমিত৷ ৰাজ্যখনৰ কেইটামান সমষ্টিক বাদ দি ৰাইজৰ দল আৰু অসম জাতীয় পরিষদৰ বিশেষ ভেটি নথকাৰ বাবে দল দুটাই চলিত নির্বাচনত কিমান সফলতা লাভ কৰিব সেয়া ৪ মে’ৰ ভোটগণনাত স্পষ্ট হ’ব৷

বিগত দুটা বিধানসভা নির্বাচনত চমকপ্রদ বিজয়ৰ পিছত এইবাৰ এনডিএই অভূতপূর্ব সাফল্যৰ লক্ষ্যৰে নির্বাচনী যুঁজত নামিছে৷ নির্বাচনী জোঁটবন্ধনক লৈ কংগ্রেছৰ ভিতৰচ’ৰাত চলি থকা অৰিয়াৰিৰ সময়তে বিজেপিয়ে আগতীয়াকৈ নির্বাচনী প্রচাৰ অভিযান চলাই আছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নির্বাচনী প্রচাৰ অভিযানৰ অংশৰূপে চলোৱা আশীর্বাদ যাত্রাৰ সময়ত দলীয় নেতা–কর্মী আৰু সমর্থকৰ উৎসাহে শাসকীয় দলটোৰ গণভিত্তি পুনৰ প্রমাণ কৰিছে৷ এইবাৰ বিধানসভা নির্বাচনত প্রচাৰ অভিযান তুংগত উঠিলেও সর্বসাধাৰণ ৰাইজৰ মাজত বিশেষ উৎকণ্ঠা পৰিলক্ষিত হোৱা নাই৷ সোমবাৰে ‘নিয়মীয়া বার্তা’ত প্রকাশিত নির্বাচনৰ পর্যালোচনা বিষয়ক লেখাত নিবন্ধকাৰ আশিস মজুমদাৰে প্রকাশ কৰিছে যে এইবাৰ দিছপুৰত কোন পক্ষৰ চৰকাৰ হ’ব, কোন মুখ্যমন্ত্রী হ’ব তাক লৈ সর্বসাধাৰণ ৰাইজৰ মাজত কোনো উৎসুকতা নাই৷ নির্বাচনী ফলাফল কি হ’ব আৰু ৰাজ্যৰ মুখ্যমন্ত্রীৰ আসনত কোন অধিষ্ঠিত হ’ব সেয়া সর্বসাধাৰণ ৰাইজ নিশ্চিত হৈ আছে৷ এইবাৰ নির্বাচনৰ বৈশিষ্ট্য এয়ে যে ইছ্যুবিহীনভাৱে হ’ব এইবাৰৰ নির্বাচনী মহাৰণ৷ সাধাৰণতে নির্বাচনী ৰণৰ ইছ্যু নির্ধাৰণ কৰে বিৰোধী পক্ষই৷ সর্বসাধাৰণ ৰাইজৰ মাজত আস্থা আৰু বিশ্বাসৰ ভেটি শক্তিশালী কৰিবলৈ বিৰোধী পক্ষই শাসকীয় পক্ষৰ দুর্বলতা, দুর্নীতি, অনিয়ম আদিক ইছ্যু হিচাপে উত্থাপন কৰা হয়৷ কিন্তু ভোটগ্রহণৰ দিনটোলৈ কুৰি দিনো নাই যদিও বিৰোধী দলসমূহে অসমবাসীৰ ওচৰত কোনো গ্রহণযোগ্য নির্বাচনী ইছ্যু উত্থাপন কৰিব পরা নাই৷ কংগ্রেছ নেতৃত্বাধীন মিত্রজোঁটে আনকি এতিয়ালৈ প্রস্তুত কৰা নাই নূ্যনতম সমূহীয়া কার্যসূচী৷ কোনোধৰণৰ পৰিকল্পনা আৰু দিগদর্শন অবিহনে কংগ্রেছ নেতৃত্বাধীন মর্চাক অসমৰ ৰাইজে সমর্থন নকৰে৷ এই কথা শতিকা পুৰণি দলটোৰ লগতে অংশীদাৰী দলকেইটাইও বুজি পোৱা উচিত৷ নির্বাচনী ৰণ জিকাৰ কৌশল এতিয়া সলনি হৈছে৷ ভোটগ্রহণৰ ২–৩ দিন পূর্বে নির্বাচন আয়োগৰ চকুত ধূলি দি ভোটদাতাৰ মাজত সূতা–কম্বল, আঁঠুৱা, লুঙী, শাড়ী বিতৰণ কৰি ভোট আদায় কৰাৰ দিন উকলিল৷ অসমত ৪৫ লাখ ভোট লাভ কৰিলেই ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিব পাৰি৷ ৰাজ্যখনৰ দ্রুত বিকাশৰ লগতে ৰাজ্য চৰকাৰখনে ইতিমধ্যে ৮০ লাখৰো অধিক লোকক বিভিন্ন আঁচনিৰ অধীনত প্রত্যক্ষভাৱে উপকৃত কৰিছে৷ মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ৩০,৪০,৩৬১গৰাকীক ১০ হাজাৰ টকাকৈ, অৰুণোদয় আঁচনিৰ অধীনত ৩৮ লাখ মহিলাক ১,২৫০ টকাকৈ, ৮.৮০ লাখ মহিলাক লাখপতি বাইদেউ, নিযুত মইনা আঁচনিৰ অধীনত ৪.৪ লাখ ছাত্রীক প্রত্যক্ষভাৱে সাহায্য প্রদান কৰাৰ লগতে দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্রসকলকো বাবু আঁচনিৰ অন্তর্ভুক্ত কৰা হৈছে৷ এনে জনমুখী আঁচনিৰ বাবেই শাসকীয় পক্ষই পূর্বৰ তুলনাত এইবাৰ আৰু অধিক সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে৷

You might also like