নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতৰ নাৰমাৰি বিলত সমূহীয়া মৎস্য চিকাৰত নামিল শ শ গঞা

ডিজিটেল ডেস্ক, ২৪ মাৰ্চ : কেউফালে ৰাজনৈতিক বাতাৱৰণৰ বিপৰীতে এক দৃষ্টিনন্দন দৃশ্য। শ শ লোকে সমিলমিলেৰে কৰিছে মৎস্য চিকাৰ।

বোকাখাত সমষ্টিৰ নামটেমেৰা গাঁৱৰ নাৰমাৰি বিলত সমূহীয়া মৎস্য চিকাৰত নামিল শ শ গঞা। পুঠি,খলিহনা,বৰালি,ৰৌ, শালমাছকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ উঠিল খালৈত। অঞ্চলটোৰ প্ৰায় দহখন গাঁৱৰ ৰাইজে মৎস্য চিকাৰ কৰি লাভ কৰিলে আনন্দ। সকলো আনন্দ-ফূৰ্তিৰ মাজেৰে মৎস্য চিকাৰত ব্যস্ত।

নিৰ্বাচনী ধামখুমীয়াৰ মাজতে দহখন গাঁৱৰ ৰাইজে সন্মিলিতভাৱে মৎস্য চিকাৰ কৰি দেখুৱালে ঐক্য-সম্প্ৰীতিৰ নিদৰ্শন।

You might also like