ডিজিটেল ডেস্ক, ২৪ মাৰ্চ : বাক্সাৰ নিকাছী জিলা কাৰাগাৰত নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয়। নিজৰ ছাৰ্ভিচ বন্দুকেৰে গুলীয়াই চৰম পথ লোৱাৰ চেষ্টা চলায় আৰক্ষীৰ বেটেলিয়নৰ এগৰাকী জোৱানে। জোৱানজনক গুলীবিদ্ধ অৱস্থাত মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
অৱশ্যে বুকুত গুলী লগা আৰক্ষী বেটেলিয়নৰ জোৱানজনক মুছলপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। গুৰুত্বৰভাৱে আহত আৰক্ষী জোৱানগৰাকী 24 IR বেটেলিয়নৰ গুণজিৎ বৈশ্য। জে’লৰ নিৰাপত্তাত কৰ্মৰত আছিল আৰক্ষী জোৱানগৰাকী।
জোৱানগৰাকীয়ে কিয় এইদৰে চৰম পন্থা ল’বলৈ চেষ্টা কৰিছিল এই পৰ্যন্ত জানিব পৰা হোৱা নাই। জোৱানজনৰ ঘৰ বজালীৰ বাঘমাৰাত বুলি জানিব পৰা গৈছে। ইতিমধ্যে বাক্সা জিলা কাৰাগাৰত বন্দী হৈ আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত পাঁচ অভিযুক্ত। গুলীৰ শব্দত কঁপি উঠে জে’লত বন্দী হৈ থকা পাঁচ অভিযুক্ত। ঘটনাস্থলীত উপস্থিত বাক্সা জিলাৰ আৰক্ষী অধীক্ষক উজ্জল প্ৰতিম বৰুৱাসহ আৰক্ষীৰ দল। বাক্সা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ সমগ্ৰ ৰহস্য।