নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত কংগ্ৰেছত খহনীয়া, অৰ্ধশতাধিকৰ বিজেপিত যোগদান

শুৱালকুছি মণ্ডল বিজেপিৰ কাৰ্যালয়ত আজি অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ৷ শুৱালকুছি মণ্ডল বিজেপিৰ উপ-সভাপতি প্ৰদীপ দাসৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সকলো স্তৰতে সম-উন্নয়ন হৈছে ৷ অসমৰ উন্নয়নে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে ৷ সেইবাবেই আজি অসমবাসীৰ হৃদয়ত মুখ্যমন্ত্ৰী স্থান সুকীয়াকৈ স্থাপন হৈছে ৷ সৰ্বদিশৰ উন্নয়নে অসমখন জাকতজিলিকা কৰি তুলিছে ৷ অহা পাঁচ বছৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হব লগা চৰকাৰখনে অসমখন দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব ৷

তেওঁ পুনৰ কয় যে আজি যিসকলে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে তেওঁলোকক বিজেপি দলৰ হকে আমি আদৰণি জনাইছোঁ ৷ এই যোগদানে শুৱালকুছি মণ্ডল বিজেপিক অধিক শক্তিশালী আৰু গতিশীল কৰি তুলিব ৷ বিজেপিৰ কাৰ্যকৰ্তাসকলে নতুনকৈ যোগদান কৰাসকলক উপযুক্ত সন্মান প্ৰদান কৰিব বুুলিও তেওঁ পৰামৰ্শ আগবঢ়াই কয় যে নিৰ্বাচনলৈকে বিজেপিৰ কাৰ্যকৰ্তা আৰু কৰ্মীসকলে ধৈৰ্যশীল হৈ সুস্থ মানসিকতাৰে দলীয় কাম-কাজত অৱতীৰ্ণ হব লাগিব৷

সভাত যোগদানকাৰীসকলক মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে বিজেপি দলৰ মাফলা আৰু টুপী পিন্ধাই দললৈ আদৰণি জনায় ৷ যোগদানকাৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ সৰ্বদিশতে কৰা সম-উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ আৰু অসমখন সুৰক্ষিত হৈ থকাৰ স্বাৰ্থত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা বুলি উল্লেখ কৰে ৷ সভাত শুৱালকুছি মণ্ডল বিজেপিৰ সম্পাদক মাণিক দাস, দুলু দাস আৰু হাজো-শুৱালকুছি সমস্টিৰ নিৰ্বাচন সমিতিৰ আহ্বায়ক বলেন ৰাজবংশী উপস্থিত থাকে ৷

বিশেষ বাৰ্তা, শুৱালকুছি, ২৪ মাৰ্চ :

You might also like