ডিজিটেল ডেস্ক, গোসাঁইগাঁও, ২৪ মাৰ্চ : গোসাইগাওঁ বিধানসভা সমষ্টিৰ ১নং কানুপাৰা গাঁৱৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী। জটিল ৰোগত আক্ৰান্ত অঞ্জয় বসুমতাৰীৰ পত্নী অঞ্জলি বসুমতাৰী। চিকিৎসাৰ অভাৱত ক্ৰমাত জটিল ৰূপ লৈছে মহিলাগৰাকীৰ স্বাস্থ্যই। কিডনী বিকল হোৱাৰ উপৰি তেজৰ অভাৱ হোৱা অঞ্জলি বসুমতাৰীক কোনোমতে গোসাঁইগাঁও আৰ এন বি চিভিল হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। কিন্তু টকাৰ অভাৱত আজি দুই সপ্তাহৰ পৰা ঘৰৰ মজিয়াত ৰোগীগৰাকী পৰি থকাত দিনকদিনে স্বাস্থ্যৰ অৱনতি ঘটা পৰিলক্ষিত হয়।
দিনহাজিৰা কৰা অঞ্জয় বসুমতাৰীয়ে টকাৰ অভাৱত চিকিৎসালয়লৈ নিব পৰা নাই পত্নীক ।পৰিয়ালটোৰ নাই বুলি একোৱে নাই। অকল চৰকাৰী ঘৰটোৱে সম্বল। টকাৰ অভাৱত পৰি তেওঁলোকৰ একমাত্ৰ চৰকাৰী ঘৰটোও বিক্ৰী কৰিবলৈ সাজু । নিজৰ থকা ঘৰটো বিক্ৰীৰ বাবে যো-জা চলি আছে। পৰিয়ালটো ইমানেই দৰিদ্ৰ যে সিহঁতৰ শুবলৈ নাই এখন বিছনা। পকী মজিয়াত নিশা কটায় তিনিজনীয়া পৰিয়ালটোৱে । উপায়হীন হৈ চিকিৎসাৰ বাবে ৰাইজৰ পৰা সহায় বিচাৰে পৰিয়ালটোৱে। কোনোবাই সহায় কৰিব বিচাৰিলে অঞ্জলি বসুমতাৰীৰ UCO BANK হাতীগড় শাখাৰ IFSC:UCBA0002648 Ac/No:2648011090465 নম্বৰৰ একাউণ্টৰ যোগেদি সহায় কৰিব পাৰে। যোগাযোগ বাবে 9957265646 নম্বৰত যোগাযোগ কৰিব পাৰে।